অসম

assam

ETV Bharat / state

হাইলাকান্দিত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ - স্বচ্ছ ভাৰত অভিযা

হাইলাকান্দিৰ গ্ৰামীণ অঞ্চলত স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণৰত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰৰ ৷

corruption in hailakandi on PHE SANITATION CONSTRUCTION under swaccha bharat mission
corruption in hailakandi on PHE SANITATION CONSTRUCTION under swaccha bharat mission

By

Published : Jul 3, 2020, 2:22 PM IST

হাইলাকান্দি, 3 জুলাইঃ স্বচ্ছ ভাৰত অভিযানৰ অধীনত হাইলাকান্দিৰ গ্ৰামীণ অঞ্চলত নিৰ্মাণৰত শৌচাগাৰৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল ভিন্ন বেচৰকাৰী সংস্থাক ৷ ইতিমধ্যেই প্ৰায় 18 হাজাৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়াল সমূহৰ বাবে নিৰ্মাণ কৰি থকা হৈছে আঁচনিৰ অন্তৰ্গত শৌচাগাৰসমূহ ৷ কিন্তু শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা সামগ্ৰী সমূহ অতি নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে ৷

হাইলাকান্দিত শোচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

কৃষক নেতা গৰাকীয়ে এই সন্দৰ্ভত এগৰাকী অভিযন্তাৰ সৈতে আলোচনা কৰিছিল যদিও, অভিযন্তা গৰাকীয়ে মন্ত্ৰী ৰিহন দৈমাৰীৰ নিৰ্দেশমৰ্মে নিৰ্মাণ সামগ্ৰী সমূহৰ যোগান ধৰি আছে বুলি উল্লেখ কৰে ৷ যাৰ বজাৰ মূল্য 500 টকা হোৱাৰ বিপৰীতে নিৰ্ধাৰণ কৰি দিয়া মূল্য 1400 টকা বুলি জানিবলৈ দিয়ে কৃষক নেতা গৰাকীয়ে ৷ এনে সামগ্ৰী যোগানৰ নামত জিলাখনত প্ৰায় 2 কোটি টকাৰ অনিয়ম হৈ থকা বুলি অভিযোগ উত্থাপন কৰিছে জহিৰ উদ্দিন লস্কৰে ৷ তেওঁ হাইলাকান্দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গতত যিমানবোৰ কাম চলি আছে সকলোবোৰ বিনা নথি পত্ৰই চলি থকাৰ অভিযোগ কৰিছে ৷ এই অনিয়মৰ বিৰুদ্ধে অতি শীঘ্ৰেই তদন্তৰ দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে ৷

লগতে পঢ়কঃইএম খনছিং ৰংপিৰ বিৰুদ্ধে ছাত্ৰ নেতাক দুৰ্ব্যৱহাৰৰ অভিযোগ

শোচাগাৰ নহয় শৌচাগাৰ ৷ যিমান শোচাগাৰ আছে চহ ঠিক কৰি দে

ABOUT THE AUTHOR

...view details