অসম

assam

ETV Bharat / state

হাইলাকান্দিত চৰকাৰী চাউল আৱণ্টনৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধিনত চাউল অৱণ্টনৰ ক্ষেত্ৰত ব্যাপক দুনীতি সংঘটিত কৰিছে এজন সুলভ মূল্য ব্যৱসায়ীয়ে ৷ ৰাইজৰ অভিযোগ অনুসৰি যোৱা 5 মাহে 40 জন হিতাধিৰাকীৰ চাউল আত্মসাৎ কৰি আহিছে ব্যৱসায়ী জনে ৷ হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টি জামিৰা সমবায় সমিতিৰ অন্তৰ্গত কিল্লাৰবাগ ঝালনাছড়া গাঁও পঞ্চায়তত উত্থাপিত হৈছে এই অভিযোগ ৷

By

Published : Jan 20, 2021, 5:22 PM IST

corruption-in-government-rice-distibution
হাইলাকান্দিত চৰকাৰী চাউল আৱণ্টনৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি

হাইলাকান্দি, 20 জানুৱাৰী : ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধিনত চাউল আৱণ্টনৰ নামত বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে হাইলাকান্দি জিলাত ৷ হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিত উত্থাপিত হৈছে এই অভিযোগ ৷

সমষ্টিটোৰ জামিৰা সমবায় সমিতিৰ অন্তৰ্গত কিল্লাৰবাগ ঝালনাছড়া গাঁও পঞ্চায়তৰ এজন সুলভ মুল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযোগ তুলিছে সাধাৰণ ৰাইজে ৷ ৰাইজে জানিবলৈ দিয়া অনুসৰি আলি আহমদ নামৰ ব্যৱসায়জনে অঞ্চলটোৰ প্ৰায় ১৩৪ টা কাৰ্ডত চৰকাৰী চাউল আবণ্টন দি আহিছিল ৷

হাইলাকান্দিত চৰকাৰী চাউল আৱণ্টনৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি

অভিযোগ অনুসৰি নতুন কাৰ্ড অনুমোদনৰ বাবে কেইমাহ মানৰ পূৰ্বে ব্যৱসায়ীজনে ইয়াৰে 40 জন হিতাধিকাৰীৰ কাৰ্ড জমা লয় ৷ কিন্তু কাৰ্ড সমূহ জমা লোৱা প্ৰায় পাঁচ মাহ উকলি যোৱা পিচতো আজিকোপতি নতুন কাৰ্ড লাভ নকৰিলে অঞ্চলটোৰ হিতাধিকাৰী সকলে ৷ ইয়াৰ সমান্তৰালভাৱে হিতাধিকাৰীসকলে যোৱা 5 মাহে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷

যাৰ ফলস্বৰূপে ব্যৱসায়ীজনে কাৰ্ড সমূহ জব্দ কৰি যোৱা 5 মাহে 40 জন হিতাধিৰাকীৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ তুলিছে অঞ্চলটোৰ সাধাৰণ ৰাইজে ৷ ইফালে, ব্যৱসায়ী জনক ৰাইজে প্ৰশ্ন কৰাত হিতাধিকাৰীৰ উক্ত কাৰ্ড সমূহ কৰ্তন হৈ গৈছে বুলি মন্তব্য প্ৰকাশ কৰে ব্যৱসায়ীজনে ৷

উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি বুধবাৰে এক প্ৰতিবাদ সাব্যস্ত কৰে হিতাধিকাৰীসকলে ৷ হিতাধিকাৰীসকলে কাৰ্ড সমূহ পুনৰ প্ৰদানৰ দাবীত হাইলাকান্দি জিলাৰ খাদ্য আৰু যোগান বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি এই প্ৰতিবাদ সব্যস্ত কৰে ৷ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি প্ৰতিবাদৰ অন্তত জিলা যোগান বিষয়া ধৰ্মৰাজ সিংহক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাত বৰ্তমান সুলভ মূল্য ব্যৱসায়ীজনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে বিষয়াজনে ৷

লগতে পঢ়ক: ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা

ABOUT THE AUTHOR

...view details