হাইলাকান্দি, 18 মাৰ্চ : এইবাৰ কৰ'ণা ভাইৰাছৰ আতংক বিয়পি পৰিছে হাইলাকান্দি জিলাত ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত হাইলাকান্দিৰ মোহনপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে এজন যুৱকক । হাইলাকান্দি জিলাৰ মোহনপুৰ গাঁৱৰ যুৱকজন হৈছে নিতাই মাল ।
কৰ্মসূত্ৰে বাংগালুৰুত থকা যুৱকজন এক মাহৰ বাবে ছুটি লৈ নিজ ঘৰত উপস্থিত হৈছিল ৷ যুৱকজন কিন্তু যোৱা চাৰি-পাঁচদিন ধৰি কাঁহ, মূৰৰ বিষ আৰু বমিত আক্ৰান্ত হৈ থকা বাবে হাইলাকান্দিৰ মোহনপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু, চিকিৎসকে কৰ'ণা ভাইৰাছৰ সন্দেহ কৰি যুৱকজনক মোহনপুৰ চিকিৎসালয়ৰ আইছলেচন ৰুমত ৰাখিছিল ৷