অসম

assam

ETV Bharat / state

বিজেপিৰ চৰকাৰ হ’ল, এতিয়াৰে পৰা নাথাকিব কৰ’ণা ! - বিধায়ক

এতিয়াৰে পৰা ৰাজ্যত কৰ’ণা নাথাকিব, কাৰণ ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন হ’ব ৷ এই মন্তব্য বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীৰ ৷

corona-will-be-nowhere-in-assam-after-bjp-forms-government
চৰকাৰ বিজেপিৰ, নাথাকিব কৰ’ণা

By

Published : May 4, 2021, 9:18 PM IST

আলগাপুৰ, 4 মে’:বিজেপিৰ চৰকাৰ আহিছে গতিকে, এতিয়াৰে পৰা নাথাকিব কৰ’ণা ৷ হিমন্ত বিশ্ব শৰ্মাই কৰ’ণা নাই বুলি কোৱাৰ পিছত শেষ হৈ গৈছে কৰ’ণা ৷

এই মন্তব্য আনকাৰো নহয়, এগৰাকী বিধায়কৰ ৷ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি এইদৰে মন্তব্য কৰে ,আলগাপুৰ সমষ্টিৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীয়ে ।

অৱশ্যে, বিজেপিকলৈ ব্যংগ কৰিলেও, ৰাইজক কৰ’ণাৰ পৰা সাৱধানে থাকিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷

বিধায়ক গৰাকীয়ে লগতে কয় যে, জয়লাভ কৰাৰ পিছত সমৰ্থকে নেতাক কাষত বিচাৰে কিন্তু, বিজয় মিছিল বাতিল হোৱাৰ লগতে শেহতীয়া পৰিস্থিতিৰ বাবে তেওঁ নিজেই গাঁৱে-গাঁৱে থকা তেওঁৰ সমৰ্থক সকলৰ ওচৰলৈ গৈ কৃতজ্ঞতা প্ৰকাশ কৰি আছে ৷

নিৰ্বাচনৰ সময়চোৱাত ' খেলা হ’বে ' ৰ শ্ল’গান দি নিৰ্বাচনত অৱতীৰ্ণ হোৱা চৌধুৰীয়ে কয় যে, খেল ইতিমধ্যে শেষ হৈছে, ৰাইজৰ হৈ কাম কৰাৰহে সময় এইয়া ৷

লগতে পঢ়ক :অজেয় নহয় নৰেন্দ্ৰ মোডী-অমিত শ্বাহ: শিৱসেনা

ABOUT THE AUTHOR

...view details