হাইলাকান্দি, 20 জুনঃকৰ'ণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ চৰকাৰী জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ সেইসমূহক ভিতৰত অন্যতম হৈছে মাস্ক পৰিধাণ আৰু সামাজিক দুৰত্ব বৰ্তাই চলা ৷ কিন্তু এই সকলোবোৰ নিয়ম উপেক্ষা কৰা দেখা গ'ল এগৰাকী বিধাযকে ৷ বিধায়ক গৰাকী হাইলাকান্দি জিলাৰ আলগাপুৰ বিধানসভা সমষ্টিৰ এআইইউডিএফৰ নেতা নিজাম উদ্দিন চৌধুৰী ৷
চৰকাৰী নিয়ম উলংঘা কৰি ৰাজহুৱা সভাত অংশগ্ৰহণ এগৰাকী বিধায়কৰ - corona precaution rules
হাইলাকান্দি জিলাৰ আলগাপুৰ বিধানসভা সমষ্টিৰ এ আই ইউ ডিএফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে,কৰ'ণা মহামাৰী প্ৰতিহত কৰিবলৈ চৰকাৰে জাৰি কৰা নিয়ম উলংঘন কৰা পৰিলক্ষিত হ'ল ৷
শনিবাৰে সমষ্টিটোৰ এখন গাঁৱত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ বাবে যোৱা বিধায়কগৰাকীয়ে অনুষ্ঠিত কৰিলে এক ৰাজহুৱা সভা ৷ প্ৰথমে বিধায়ক গৰাকীয়ে কৰ'ণাৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা উলংঘন কৰিলে সভাত সামাজিক দূৰত্ব বৰ্তাই নাৰাখি ৷ দ্বিতীয়তে সভাত অংশগ্ৰহণ কৰা অধিকাংশ লোকেই পৰিধান কৰা নাছিল মাস্ক ৷ কিন্তু ইমানৰ পিচতো বিধায়ক গৰাকীয়ে কৰা এক মন্তব্যত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় লোক ৷ সাধাৰণ ৰাইজক মাস্কৰ পৰিৱৰ্তে নিজৰ পিন্ধা কাপোৰেৰেই মুখ ঢাকি চলিবলৈ উপদেশ দিলে বিধায়ক গৰাকীয়ে ৷ বিধায়কগৰাকীয়ে এই নিয়ম উলংঘা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়কঃৱেলনেছ আৰু পাৰ্লাৰ এছ'চিয়েচনৰ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল