হাইলাকান্দি , 30 এপ্ৰিল :এখন আমন্ত্ৰণী পত্ৰক লৈ হাইলাকান্দি জিলাৰ লালা চহৰত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ৷ আমন্ত্ৰণী পত্ৰ গ্ৰহন নকৰি ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে লালাৰ এখন কলেজ অধ্যাপিকাৰ বিৰুদ্ধে ৷ ইপিনে কলেজ কৰ্তৃপক্ষই এই অভিযোগ নস্যাৎ কৰি এই সন্দৰ্ভত লালা থানাত এক গোচৰ ৰুজু কৰে ৷
হাইলাকান্দিত আমন্ত্ৰণী পত্ৰক লৈ থানাত গোচৰ - আমন্ত্ৰণী পত্ৰ
লালা কলেজৰ অধ্যাপিকা লক্ষ্মী নাথে এখন আমন্ত্ৰণী পত্ৰ গ্ৰহন নকৰি ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ কলেজ অধ্যাপিকা গৰাকীক লৈ ফেচবুকত তীব্ৰ অপপ্ৰচাৰ ৷
যোৱা 25 এপ্ৰিলত লালা ৰুৰেল কলেজৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে বাৰ্ষিক মিলাদ অনুষ্ঠানৰ আয়োজন কৰিছিল ৷ আৰু এই অনুষ্ঠানত কলেজৰ সকলো অধ্যাপক অধ্যাপিকাক আমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু অনুষ্ঠানৰ পাচৰ দিনা একাংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অধ্যাপিকা লক্ষ্মী নাথৰ নাম লিখা এখন আমন্ত্ৰণী পত্ৰ ডাষ্টবিনত পৰি থকাৰ ফটো ফেচবুকত আপলোড কৰি এগৰাকী শিক্ষিয়ত্ৰীয়ে ধৰ্মৰ অপমান কৰিছে বুলি মন্তব্য কৰে ৷ ইয়াৰ পাচতে মুহুৰ্ততে ছ'চিয়েল মিডিয়াত তুমুল চাঞ্চল্যৰ সৃষ্টি হয় ৷ লগতে অধ্যাপিকা লক্ষ্মী নাথক লৈ আৰম্ভ হয় কুৰুচিকৰ মন্তব্য ৷ এই ঘটনাৰ পাচতে সৰৱ হৈ পৰে লালা ৰুৰেল কলেজৰ কতৃপক্ষ ৷ পৰৱৰ্তী সময়ত অধ্যক্ষ গৰাকীয়ে এখন সংবাদমেল পাতি এই সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ সংবাদ মাধ্যমৰ আগতে দেখুৱাই দিয়ে ৷ য'ত অধ্যাপিকা লক্ষ্মী নাথে আমন্ত্ৰণী পত্ৰ গ্ৰহন কৰাৰ দৃশ্য সম্পূৰ্ণ স্পষ্ট ৰূপত দেখা গৈছে ৷ তদুপৰি একাংশ লোকে অধ্যাপিকা লক্ষ্মী নাথ আৰু লালা ৰুৰেল কলেজৰ সম্মানহানিৰ চেষ্টা কৰাৰ অভিযোগত কলেজ কৰ্তৃপক্ষই লালা থানাত এক গোচৰ ৰজু কৰে ৷