হাইলাকান্দি,২৮ এপ্ৰিল:খোৱাপানীৰ সু-ব্যৱস্থাৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত সমগ্ৰ ৰাজ্যতে ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে জল জীৱন আঁচনি ৷ “ঘৰ ঘৰ নল, ঘৰ ঘৰ জল” এই শ্ল’গানেৰে প্ৰতিখন ঘৰতেই জল জীৱন আঁচনিৰ খোৱাপানী যোগানৰ ব্যৱস্থা কৰাৰ সংকল্প লৈছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে (Jal Jeevan mission scheme) ৷
ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাখনৰ কেইবাটাও স্থানত উক্ত জল জীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰিও ৰাইজৰ কাৰণে মুকলি কৰিছে ৷ কিছু কিছু প্ৰান্তত ৰাইজে লাভ কৰিছে বিশুদ্ধ খোৱাপানী ৷ কিন্তু তাৰ মাজতে একাংশ ঠিকাদাৰে অধিক লাভৰ আশাৰে নিম্ন মানদণ্ডৰ কাম কৰাৰ ফলত ৰাইজ বঞ্চিত হৈছে বিশুদ্ধ খোৱা পানীৰ পৰা ৷ লগতে এই আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ উঠিছে (Scam in Jal jeevan mission) ৷
এইবাৰ BJP চৰকাৰৰ প্ৰকল্পত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছী নেতাৰ বিৰুদ্ধে । হাইলাকান্দি জিলাত জল জীৱন মিছন প্ৰকল্প ৰূপায়ণৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ছামছুদ্দিন বৰালস্কৰৰ বিৰুদ্ধে জল জীৱন প্ৰকল্প ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে (Jal Jeevan mission scheme in Hailakandi) ।
জল জীৱন মিছন হৈছে এক গ্ৰাম্য প্ৰকল্প । এই প্ৰকল্পটো কেৱল গ্ৰামাঞ্চলতহে ৰূপায়ণ কৰাৰ কথা প্ৰকাশ কৰা হৈছিল । কিন্তু হাইলাকান্দি নগৰ শিক্ষা ব্লকৰ সাতখন বিদ্যালয়ত ২০২২ চনত হাতত লোৱা জল জীৱন মিছন প্ৰকল্পই সকলো নিৰ্দেশনা মানি ৰূপায়ণ কৰা হৈছে জল জীৱন আঁচনি । বৰ্তমানৰ জিলা কংগ্ৰেছৰ সভাপতি ছামছুদ্দিন বৰালস্কৰে প্ৰতিখন বিদ্যালয়তে জল জীৱন মিছন প্ৰকল্প ৰূপায়ণৰ ঠিকা লাভ কৰিছিল (Congress leader corruption in BJP govt projects) ।