হাইলাকান্দি, 19 চেপ্তেম্বৰঃকালাইনৰ পথেৰে মেঘালয়ৰ পৰা কয়লা ভৰ্তি ট্ৰাক বৰাকৰ তিনিখন জিলাত প্ৰৱেশ কৰাৰ অভিযোগ । আনহাতে বিগত তিনি দিনৰ ভিতৰত মেঘালয়ৰ পৰা 38 খন কয়লা ভৰ্তি ট্ৰাক বৰাকত প্ৰৱেশ কৰাৰো গুৰুতৰ অভিযোগ তুলিছে একাংশ কংগ্ৰেছী নেতাই । উল্লেখ্য যে, অসম মেঘালয় সীমান্তৰ মালিডৰ ৰাজপথৰ পৰা যুৱকৰ এটা দলে আটক কৰিছে এখন কয়লা ভৰ্তি ট্ৰাক । এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত । অঞ্চলটোৰ একাংশ যুৱকে প্ৰথমে ৰাজপথত ট্ৰাক ৰখাই পিছফালৰ শ্বাটাৰ খুলি দিয়ে আৰু তাৰ পাচতেই ট্ৰাকৰ পৰা ৰাজপথত সৰি পৰিল কয়লা । দিনৰ পোহৰতে এইদৰে গাড়ীখন প্ৰৱেশ কৰিছিল বৰাকত । কিন্তু অবৈধ কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে অসম আৰক্ষীৰ নিৰৱ ভূমিকাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।
বৰাকত ব্যাপক হাৰত কয়লা ছিণ্ডিকেট!
বৰাকত ব্যাপক হাৰত কয়লাৰ ছিণ্ডিকেট চলাৰ অভিযোগ । দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা বিজেপি চৰকাৰৰ দিনতে বিজেপিৰ নেতা সকলৰ সহযোগত বৰাকত কয়লা ছিণ্ডিকেট চলাৰ অভিযোগ ।
বৰাকত ব্যাপক হাৰত কয়লা ছিণ্ডিকেট!
আনহাতে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে মাত মতা বিজেপি চৰকাৰৰ নেতা সকলৰ তত্বাৱধানতে বৰাকত কয়লা ছিণ্ডিকেট চলাৰ অভিযোগ । ইফালে কালাইনৰ বিজেপি নেতা বিনু দাসৰ নেতৃত্বত বৰাকত এই ছিণ্ডিকেট চলাৰ অভিযোগ । লগতে ৰেহান উদ্দীন, কামাল উদ্দীন, লুতফুৰ ৰহমান নামৰ তিনিগৰাকী বিজেপি নেতাৰ বিৰুদ্ধেও এই অভিযোগ উত্থাপন কৰিছে হাইলাকান্দিৰ দুই কংগ্ৰেছ যুৱ নেতাই ।