হাইলাকান্দি,12 জুলাই: লক ডাউনৰ গইনাৰে এচাম দুষ্টচক্ৰই চলাই গৈছে বিভিন্ন অপৰাধমূলক কাৰ্য ৷ তাৰ মাজতে বৰাক উপত্যকাত কয়লাৰ ছিণ্ডিকেট সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ উপত্যকাটোৰ হাইলাকান্দি জিলাত দীৰ্ঘদিনৰ পৰা এই ছিণ্ডিকেট চলি থকাৰ বিষয়ে সম্প্ৰতি জানিব পৰা গৈছে ৷ লক ডাউনৰ সময়ছোৱাত ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত আৰোপ কৰিছিল নিষেধাজ্ঞা ৷ কিন্তু এই নিষেধাজ্ঞা ওফোৰাই নীৰৱে চলি আহিছিল ক’লা হীৰা খ্যাত কয়লাৰ ছিণ্ডিকেটৰাজ ৷ ইতিপূৰ্বে জিলাখনত প্ৰৱেশ কৰিছিল টি আৰ 05 এ 2949 নম্বৰৰ এখন কয়লাভৰ্তি বাহন ৷ প্ৰশাসনৰ অনুমতি অবিহনে জিলাখনত প্ৰৱেশ কৰা বাহনখনৰ নাই কোনো বৈধ প্ৰমাণপত্ৰৰ লগতে তথ্যপাতি ৷
উল্লেখ্য যে,অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱাৰ অনুমতি পত্ৰ থকা বাহনখনে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিৱৰ্তে কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ কয়লা ৷ কিন্তু দীৰ্ঘদিনৰ পৰা জিলাখনত কয়লাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অব্যাহত আছে চিবিআই তদন্ত ৷ তেনে পৰিপ্ৰেক্ষিতত আৰক্ষী চকুত ধূলি মাৰি কেনেকৈ বাহনখনে জিলাখনত প্ৰৱেশ কৰিলে সেয়া ৰহস্যজনক ৷ এই অবৈধ ব্যৱসায়ত জড়িত একাংশ কয়লা মাফিয়াই প্ৰশাসন নাইবা আৰক্ষীক আওকাণ নকৰি চলাই গৈছে কয়লাৰ ছিণ্ডিকেট ৷ উক্ত কয়লাভৰ্তি বাহনখন কৰিমগঞ্জ জিলাৰ পৰা হাইলাকান্দিলৈ অহা বুলি জানিব পৰা গৈছে ৷