হাইলাকান্দি,20 ডিচেম্বৰ : বৰাকত পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্লাষ্টাৰ ৷ উল্লেখ্য যে, অসমৰ ভূমিহীন লোকসকলক ভূমি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে ৷
ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ নিৰ্দেশ মৰ্মে হাইলাকান্দি জিলাৰ ভূমিহীন লোকসকলক ভূমিপট্টা প্ৰদান কৰি বৰাকত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী আবাস যোজনা ক্লাষ্টাৰ নিৰ্মাণ কৰিছে জিলা প্ৰশাসনে ।
হাইলাকান্দিত ক্লাষ্টাৰ মুকলি হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিত পাঁচগ্ৰামত নিৰ্মাণ কৰা হৈছে ক্লাষ্টাৰ ৷ এই ক্লাষ্টাৰত 14 টা পৰিয়ালে থাকিব পৰা ব্যৱস্থা আছে আৰু তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা হ’ব ৷
দেওবাৰে হাইলাকান্দি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী অভিযন্তা জয়দীপ শুক্লাই ক্লাষ্টাৰ পৰিদৰ্শন কৰি দ্ৰুতগতিত কাম-কাজ শেষ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে কয় যে, এই ক্লাষ্টাৰত থকা 14 টা পৰিয়ালৰ আটাইকে চৰকাৰৰ ফালৰ পৰা খোৱা পানী, বিদ্যুৎ আদি সকলো ধৰণৰ সুবিধা প্ৰদান কৰা হ’ব ৷
লগতে পঢ়ক :অজন্তা নেওগৰ বিজেপি গমনক লৈ উত্তপ্ত কংগ্ৰেছ-বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতি