সঠিক আৰু ক্ষীপ্ৰ অনুসন্ধানৰ বাবে অসম আৰক্ষীলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিশেষ বঁটা - হাইলাকান্দি
হাইলাকান্দি জোকাৰি যোৱা কিনিৰুং ৰিয়াং হত্যাকাণ্ড আৰু বটদ্ৰৱা কাণ্ডৰ সঠিক আৰু ক্ষীপ্ৰ অনুসন্ধানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে হাইলাকান্দিৰ উপ-আৰক্ষী অধীক্ষক নয়নমণি বৰ্মণ আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ লগতে উপ–পৰিদৰ্শক ইমদাদুল হুছেইনক প্ৰদান কৰে বিশেষ বঁটা
হাইলাকান্দি,13 আগষ্টঃ হাইলাকান্দি জোকাৰি যোৱা কিনিৰুং ৰিয়াং হত্যাকাণ্ডৰ সঠিক আৰু ক্ষীপ্ৰ অনুসন্ধানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে হাইলাকান্দিৰ উপ-আৰক্ষী অধীক্ষক নয়নমণি বৰ্মণলৈ প্ৰদান কৰে বিশেষ বঁটা ৷ উল্লেখযোগ্য যে, 2018 বৰ্ষৰ 13 মাৰ্চত সংঘটিত হোৱা এই লোমহৰ্ষক হত্যাকাণ্ডৰ মাত্ৰ তিনি মাহৰ ভিতৰতে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল আৰু আদালতে আৰক্ষীৰ তদন্তৰ ভিত্তিত অপৰাধী জছিম উদ্দিন বৰভূঞাক মৃত্যুদণ্ডৰ ৰায় দিছিল। এই হত্যাকাণ্ডৰ তদন্তৰ বাবে হাইলাকান্দি আৰক্ষীয়ে গঠন কৰা SIT টিমৰ দায়িত্বত আছিল উপ আৰক্ষী অধীক্ষক নয়নমণি বৰ্মণ। ইয়াৰোপৰি বটদ্ৰৱা কাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি আৰু উপ-পৰিদৰ্শক ইমদাদুল হুছেইনেও লাভ কৰিছে এই বিশেষ বঁটা। গুৰুত্বপূৰ্ণ যে,দেশৰ সৰ্বমুঠ 96 গৰাকী আৰক্ষী বিষয়াক প্ৰদান কৰা এই বঁটাৰ ভিতৰত নয়নমণি বৰ্মণে হৈছে এই বঁটা লাভ কৰা প্ৰথম APS বিষয়া ৷