হাইলাকান্দি,31 জুলাই:এক ব্যতিক্ৰমী বজাৰ ৷ কি কাৰণে বজাৰখন ব্যতিক্ৰম সেয়া জানিবলৈ নিশ্চয় সকলোৰে মন যাব ৷ কোনো বহিঃৰাজ্যত নহয় স্বয়ং ৰাজ্য়ৰে এক অঞ্চলত অৱস্থিত এই বজাৰখন ৷ কিয়নো অসমৰে এগৰাকী বিধায়কৰ নামত নামাকৰণ কৰা হৈছে বজাৰখন ৷ পিছে বজাৰখনত কোনো শাক-পাচলি নাপাব জন সাধাৰণে ৷ তাৰ বিপৰীতে বজাৰখনত সহজলভ্য হৈছে পশুধন ৷
হাইলাকান্দিৰ আলগাপুৰ সমষ্টিত অৱস্থিত এখন গৰু বজাৰে সম্প্ৰতি আমোদজনক খবৰ হিচাপে চৰ্চা লাভ কৰিছে ৷ আলগাপুৰ সমষ্টিৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীৰ নামেৰে জনপ্ৰিয় এইখন গৰুৰ বজাৰ পৰিচিত হৈছে হাজি নিজাম উদ্দিন চৌধুৰী কেটেল মাৰ্কেট হিচাপে । বিগত চাৰি মাহে কৰ’ণা ভাইৰাছ সংক্ৰমণৰ বাবে যদিও ৰাজ্যৰ প্ৰতিখন বজাৰত সামগ্ৰী বেচা-কিনাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিছিল নিষেধাজ্ঞা ৷ এইক্ষেত্ৰত ব্যতিক্ৰম হিচাপে পৰিগণিত হৈছে হাইলাকান্দি জিলাত ৷ কিয়নো প্ৰশাসনৰ অনুমতি সাপেক্ষে জিলাখনত আৰম্ভ কৰা হৈছে পশুধন বিশেষকৈ গৰুৰ বজাৰ । জিলাখনৰ পাঁচগ্ৰাম অঞ্চলত ইছলামধৰ্মীয় লোকসকলৰ ঈদ-উজ-জোহা উপলক্ষে মুকলি কৰা হৈছে গৰুৰ বজাৰখন ।