অসম

assam

By

Published : Feb 1, 2021, 10:33 AM IST

ETV Bharat / state

হাইলাকান্দিত আৰক্ষীৰ জালত গাড়ী চুৰ চক্ৰ

হাইলাকান্দি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি জানিব পাৰি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত হাইলাকান্দিৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণব শইকীয়া আৰু টাউন ব্ৰাঞ্চৰ বিষয়া সুৰ্দশন ভাৰতীৰ লগতে আৰক্ষীৰ বৃহৎ দলে অভিযান চলায় ৷

হাইলাকান্দিত আৰক্ষীৰ জালত গাড়ী চুৰ চক্ৰ
হাইলাকান্দিত আৰক্ষীৰ জালত গাড়ী চুৰ চক্ৰ

হাইলাকান্দি,1ফ্ৰেব্ৰুৱাৰীঃদেওবাৰে চুৰৰ বিৰুদ্ধে অভিযান চলাই সাফল্য লাভ কৰিছে হাইলাকান্দি আৰক্ষীয়ে । আৰক্ষীৰ অভিযান চলাই দুই চুৰ সহ দুখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, দেওবাৰে কৰিমগজ্ঞ পৰা বাইক আৰু এখন চাৰি চকীয়া বাহন বিক্ৰী কৰিবলৈ আনিছিল ধৃত চুৰ দুটাই ৷

ইপিনে হাইলাকান্দি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি জানিব পাৰি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত হাইলাকান্দিৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণব শইকীয়া আৰু টাউন ব্ৰাঞ্চৰ বিষয়া সুৰ্দশন ভাৰতীৰ লগতে আৰক্ষীৰ বৃহৎ দলে অভিযান চলায় ৷

হাইলাকান্দিত আৰক্ষীৰ জালত গাড়ী চুৰ চক্ৰ

তাৰ পিছতে হাইলাকান্দিৰ সৰসপুৰ অঞ্চলৰ পৰা এখন চাৰিচকীয়া বাহনৰ লগতে এখন নাম্বাৰ বিহীন বাইক জব্দ কৰাৰ লগতে আবজল হুছেইন আৰু মতিউৰ ৰহমান নামৰ দুই চুৰক আটক কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে দুই চুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে হাইলাকান্দি অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই ৷

লগতে পঢ়কঃ বাজেট উত্থাপনৰ পূৰ্বে বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

ABOUT THE AUTHOR

...view details