হাইলাকান্দি, 14 ছেপ্তেম্বৰ :ৰাজ্যত থকা দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত হাইলাকান্দিত সোমবাৰে বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পঞ্চগ্ৰামস্থিত কাছাৰ কাগজ কলৰ মুখ্যদ্বাৰৰ সম্মুখতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।
দুয়োটা কাগজ কলক কাৰ্যক্ষম কৰি তোলাৰ বাবেই সোমবাৰে দিনৰ ভাগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন সংগঠনে । প্ৰতিবাদত অসম চৰকাৰ হায় হায়,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,কেন্দ্ৰীয় চৰকাৰ হায় হায়,উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকৰ দাবী অতি সোনকালে দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ লগতে 45 মাহৰ বকেয়া দৰমহা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷