অসম

assam

ETV Bharat / state

সীমা বিবাদ: অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি - অসম মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি

অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি ৷ অসমৰ মাটিত পথ নিৰ্মাণক লৈ সীমা বিবাদ ৷ অসমৰ মাটিক মিজোৰামৰ বুলি দাবী উত্থাপন মিজো সংগঠনৰ ৷ অসমৰ মাটিত MZ লিখি সীমা নিৰ্ধাৰণ কৰি পথ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ হুমকি মিজো সংগঠনৰ লোকৰ ৷ মিজো সংগঠনৰ হুমকিৰ পাছতে বন্ধ হৈ পৰিছে পথ নিৰ্মাণৰ কাম ৷ ইফালে 7 দিনৰ ভিতৰত পথ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ ন'হলে 154 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ অসমৰ ৰাইজৰ ৷

সীমা বিবাদ: অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি
সীমা বিবাদ: অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি

By

Published : Jan 15, 2021, 4:25 PM IST

Updated : Jan 15, 2021, 4:38 PM IST

হাইলাকান্দি, 15 জানুৱাৰী:সীমা বিবাদক কেন্দ্ৰ কৰি অসম-মিজোৰাম সীমান্তত শুকুৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ অসম মিজোৰাম সীমান্তত থকা অসমৰ মাটিত এটা পথ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে কিছুমান মিজো সংগঠনৰ লোক আহি উক্ত চৰকাৰী কামত বাধা প্ৰদান কৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি মিজো সংগঠনৰ লোকে চৰকাৰী কামত বাধা প্ৰদান কৰাৰ পাছতে সীমান্ত অঞ্চলৰ অসমৰ ৰাইজে হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ অসম-মিজোৰাম সীমান্তৰ গল্লাছড়া অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰ তথা হাইলাকান্দি জিলা প্ৰশাসনক অতি শীঘ্ৰে সীমা সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰে ৷

জানিব পৰা মতে অসম মিজোৰাম সীমান্তত থকা অসমৰ মাটিত এটা পথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাছতে কিছু মিজো সংগঠনৰ লোকে আহি উক্ত চৰকাৰী কামত বাধা প্ৰদান কৰাৰ পাছতে প্ৰধান মন্ত্ৰী চড়ক যোজনাৰ অধীনত চলি থকা পথ নিৰ্মাণৰ কাম স্তব্ধ হৈ পৰে ৷

উল্লেখ্য যে ঝালনাছড়াৰ পৰা গল্লাছৰা হৈ ভৈৰৱী সংযোগী উক্ত পথ নিৰ্মাণ প্ৰকল্প প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ হৈছিল ৷ কিন্তু উক্ত মাটিখিনি মিজোৰামৰ বুলি দাবী কৰি মিজো সংগঠনৰ কিছুমান লোকে আহি ঠিকাদাৰক কাম স্তব্ধ ৰখাৰ বাবে বাধা প্ৰদান কৰে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মিজো দুস্কৃতিকাৰী সকলে কেৱল পথ নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰাতে ক্ষান্ত নাথাকি MZ লিখি সীমা নিৰ্ধাৰণ কৰি দি উক্ত মাটিত মিজোৰামে কাম কৰিব বুলি হুমকি প্ৰদান কৰে ৷

মিজো লোকৰ এই কাৰ্যত ক্ষোভিত হৈ প্ৰতিবাদকাৰী ৰাইজে চৰকাৰ তথা প্ৰশাসনক শীঘ্ৰে সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে ৷ উল্লেখ্য যে প্ৰতিবাদকাৰী সকলে 7 দিনৰ ভিতৰত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ দাবী জনাই কাম আৰম্ভ ন'হলে 154 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

উল্লেখ্য যে সীমান্ত সমস্যা সমাধানক লৈ চৰকাৰৰ বিৰুদ্ধে বিফলতাৰ অভিযোগ উত্থাপন কৰি বিধায়ক সুজাম উদ্দিন লস্কৰে মন্তব্য কৰে যে যদিহে সৰ্বাননদ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে এই সমস্য সমাধান নকৰে তেন্তে সেই দায়িত্ব তেওঁক দিলে তেওঁ সীমান্ত উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৷

লগতে পঢ়ক:23 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণ : প্ৰসংগ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান

Last Updated : Jan 15, 2021, 4:38 PM IST

ABOUT THE AUTHOR

...view details