অসম

assam

ETV Bharat / state

মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্তিতিঃ অসমৰ মাটিত মিজোৰ আগ্ৰাসন - অসমৰ মাটিত মিজোৰ আগ্ৰাসন

হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱর্তী কচুৰথলত মিজো ৰাইজে মিজো আৰক্ষীক লগত লৈ অসমৰ সীমাৰ দক্ষিণ হাইলাকান্দিৰ কচুৰথলত পুখুৰী খান্দি থকা পৰিলক্ষিত হৈছে ৷ এই আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ ৷

Border dispute
অসমৰ মাটিত মিজোৰ আগ্ৰাসন

By

Published : Jan 18, 2020, 4:12 PM IST

হাইলাকান্দি, 18 জানুৱাৰীঃপুনৰ অসম মিজোৰাম সিমান্তত উত্তপ্ত পৰিস্তিতিৰ সৃষ্টি হৈছে৷ অসম মিজোৰাম সীমান্তৱর্তী কচুৰথলত আগ্ৰাসন চলাইছে মিজোৰামে৷ বিগত দুদিন ধৰি সেই ৰাজ্যৰ ৰাইজে মিজো আৰক্ষীক লগত লৈ অসমৰ সীমাৰ দক্ষিণ হাইলাকান্দিৰ কচুৰথলত পুখুৰী খান্দি থকা পৰিলক্ষিত হৈছে ৷

অসমৰ মাটিত মিজোৰ আগ্ৰাসন
ইপিনে হাইলাকান্দি জিলাৰ কাটলিচৰা সমষ্টিত বেপৰোৱা মিজো আগ্ৰাসনৰ খবৰ পাই সেই সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে শীঘ্ৰে এই আগ্ৰাসনক লৈ দক্ষিণ অসম ৰেঞ্জৰ দায়িত্বত থকা উপ মহা পৰিদৰ্শক দীলিপ দে আৰু হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰ নাথক অৱগত কৰি আগ্ৰাসন বন্ধৰ বাবে দাবী জনাইছে ৷ ইয়াৰ পাচতে হাইলাকান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও এই পৰ্যন্ত আগ্ৰাসন ৰোধ কৰিব পৰা হোৱা নাই ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মিজোৰামৰ বিভিন্ন সামাজিক সংগঠন আৰু ৰাইজে আৰক্ষীক লগত লৈ হাইলাকান্দি জিলাৰ অসমৰ মাটিত আগ্ৰাসন চলাই আছে ৷ আনহাতে বিধায়ক সুজাম উদ্দিন লস্কৰে কয় যে যদি প্ৰশাসনে মিজো আগ্ৰাসন ৰোধ কৰিবলৈ ব্যার্থ হয় তেনেহলে তেওঁ ৰাইজক লগত লৈ অসমৰ মাটি ৰক্ষা কৰিবলৈ আন্দোলনত জপিয়াই পৰিব ৷ এনে আগ্ৰাসনক কেন্দ্ৰ কৰি এতিয়া হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱর্তী কচুৰথলত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে ৷

ABOUT THE AUTHOR

...view details