অসম

assam

ETV Bharat / state

অসমৰ বিদ্যালয়ত পুনৰ মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ - HAILAKANDI BY MIZO TERRORIST

মঙলবাৰে নিশা পুনৰ অসম-মিজোৰাম সীমান্তত অচিনাক্ত মিজো দুৰ্বৃত্তই বোমা বিস্ফোৰণ ঘটাই। নিশা প্ৰায় দুটা বজাত পুনৰ মিজো দুৰ্বৃত্তই অসমৰ এখন চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটাই ধ্বংস কৰে। অসম-মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰতল অঞ্চলৰ মুল্লিবালা নিম্ন প্ৰথমিক বিদ্যালয়ত শিক্ষা বিভাগৰ ফালৰ পৰা নিৰ্মাণ হোৱা শৌচালয় আৰু পানীৰ টেংকিত বোমা বিস্ফোৰণ ঘটাই ধ্বংস কৰাৰ পিছতে সমগ্ৰ হাইলাকান্দি জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

অসমৰ বিদ্যালয়ত পুনৰ মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ
অসমৰ বিদ্যালয়ত পুনৰ মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ

By

Published : Feb 4, 2021, 7:56 AM IST

হাইলাকান্দি,4 ফেব্ৰুৱাৰীঃ বিগত বছৰৰ নৱেম্বৰ মাহত অসমৰ ভূমিত অৱস্থিত এখন বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটাই অচিনাক্ত মিজো দুষ্কৃতিকাৰীয়ে ধ্বংস কৰিছিল ৷ কাছাৰ জিলাৰ ধলাইৰ অসম-মিজোৰাম সীমান্তৰ আপাৰ পেইনম প্ৰাথমিক বিদ্যালয়ত এই বিস্ফোৰণ সংঘটিত হয় ৷ সেই ঘটনাৰ পিছতে মিজোৰামৰ প্ৰশাসন আৰু অসম চৰকাৰ আৰু প্ৰশাসনৰ মাজত কেইবাৰো আলোচনা হৈছিল যদিও সেই সমস্যাৰ যেন আজিও সামাধান নহ’ল ৷

অসমৰ বিদ্যালয়ত পুনৰ মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ

তাৰ মাজতে মঙলবাৰে নিশা পুনৰ অসম-মিজোৰাম সীমান্তত অচিনাক্ত মিজো দুৰ্বৃত্তই বোমা বিস্ফোৰণ ঘটাই। নিশা প্ৰায় দুটা বজাত পুনৰ মিজো দুৰ্বৃত্তই অসমৰ এখন চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটাই ধ্বংস কৰে । অসম মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰতল অঞ্চলৰ মুল্লিবালা নিম্ন প্ৰথমিক বিদ্যালয়ত শিক্ষা বিভাগৰ ফালৰ পৰা নিৰ্মাণ হোৱা শৌচালয় আৰু পানীৰ টেংকিত বোমা বিস্ফোৰণ ঘটাই ধ্বংস কৰাৰ পিছতে সমগ্ৰ হাইলাকান্দি জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ইপিনে বুধবাৰে জিলা উপায়ুক্ত মেঘ নিধি দহাল আৰু আৰক্ষী অধীক্ষক প্ৰবীন্দ্ৰ কুমাৰ নাথে অসম মিজোৰাম সীমান্তত সংঘটিত হোৱা বোমা বিস্ফোৰণ হোৱাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰিছে হাইলাকান্দি জিলা উপায়ুক্ত জনে ।

একেদৰে সমগ্ৰ ঘটনা সৰ্ন্দভত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নেতা কবিৰ উদ্দিন লস্কৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বহু দিনৰ পৰাই অসম-মিজোৰাম সীমান্তত চেপা-উত্তেজান সৃষ্টি হৈ আহিছে ৷ কিন্ত কিয় অসম চৰকাৰে এই সীমান্তৰ সমস্যা সামাধান কৰাত গুৰুত্ব প্ৰদান কৰা নাই বুলি চৰকাৰক প্ৰশ্নকৰে ৷ নেতাজনে লগতে কয় যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অসম জাচীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সদৰি কৰে ৷


লগতে পঢ়কঃ ক’ভিড প্ৰতিষেধৰ প্ৰদানৰ আঁৰত চাইবাৰ প্ৰবঞ্চক

ABOUT THE AUTHOR

...view details