অসম

assam

ETV Bharat / state

ধন আত্মসাতৰ অভিযোগত আটক গাণনিক বিষয়া - হাইলাকান্দি আৰক্ষী

শুকুৰবাৰে নিশা দক্ষিণ হাইলাকান্দি খণ্ড উন্নয়ন কাৰ্যালয়ৰ গাণনিক বিষয়া মুজাইদুল ইছলাম লস্কৰক আটক আৰক্ষীৰ ৷ এমজিএনৰেগা আঁচনিৰ অধীনৰ টকা আত্মসাৎ কৰাৰ অভিযোগত বিষয়া গৰাকীক আটক কৰে হাইলাকান্দি আৰক্ষীয়ে ৷

block accountant arrested
ধন আত্মসাতৰ অভিযোগত আটক গাণনিক বিষয়া

By

Published : Jan 2, 2021, 11:37 AM IST

হাইলাকান্দি,2 জানুৱাৰী : আৰক্ষীৰ জালত পৰিছে দক্ষিণ হাইলাকান্দি খণ্ড উন্নয়ন কাৰ্যালয়ৰ গাণনিক বিষয়া মুজাইদুল ইছলাম লস্কৰ । শুকুৰবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে আটক কৰে গাণনিক বিষয়া গৰাকীক ৷

ধন আত্মসাতৰ অভিযোগত আটক গাণনিক বিষয়া

উল্লেখ্য যে, গাণনিক বিষয়া মুজাইদুল ইছলাম লস্কৰে এমজিএনৰেগা আঁচনিৰ অধীনৰ 4 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এমজিএনৰেগাৰ 2018-19 বৰ্ষৰ এই ধন আত্মসাৎ কৰাৰ পাচত গাণনিক বিষয়া গৰাকীৰ বিৰুদ্ধে কাটলিছড়া আৰক্ষী চকীত এক গোচৰ ৰজু কৰে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷

উক্ত গোচৰৰ ভিত্তিতেই মুজাইদুল ইছলাম লস্কৰক আটক কৰে আৰক্ষীয়ে ৷ ইফালে, জিলাখনৰ গ্ৰামোন্নয়ন বিভাগত হোৱা এই বৃহৎ কেলেংকাৰীৰ সৈতে জড়িত থকা আন সকলো অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক :বকোত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন

ABOUT THE AUTHOR

...view details