হাইলাকান্দি, 28 এপ্ৰিল : হিন্দু শৰণাৰ্থীসকলৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰিবলৈ CAB গৃহীত কৰাৰ প্ৰয়াস বিজেপি চৰকাৰৰ ৷ চৰকাৰৰ এই সিদ্ধান্ত আদৰণি জনাইছে ৰাইজে ৷ দেওবাৰে হাইলাকান্দিত আবকাৰী বিভাগৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । CAB সন্দৰ্ভত গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰভাৱতে বৰাকৰ দুটা লোকসভা সমষ্টি ক্ৰমে শিলচৰ আৰু কোকৰাঝাৰত এক বৃহৎ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী জয়ী হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
হিন্দু শৰণাৰ্থীৰ আশা পূৰণ কৰিবলৈ CAB গৃহীত কৰাৰ প্ৰয়াস বিজেপি চৰকাৰৰঃ শুক্লবৈদ্য - আশা পূৰণ
CAB সন্দৰ্ভত গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰভাৱতে বৰাকৰ দুটা লোকসভা সমষ্টি ক্ৰমে শিলচৰ আৰু কোকৰাঝাৰত এক বৃহৎ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী জয়ী হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
হাইলাকান্দি মন্ত্ৰী পৰিমল শুক্লবৈদ্য
ইপিনে, বৰাক উপত্যকাত চলা ছিণ্ডিকেট আৰু তাত বিজেপি নেতা মন্ত্ৰী জড়িত থকাক লৈ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইনে দীৰ্ঘ দিনৰ পৰা কৰি অহা অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছিণ্ডিকেট বন্ধ কৰাৰ বাবে বিজেপি চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷