অসম চুক্তিৰ 6 নং দফাৰ অধীনত বৰাক উপত্যকাও সামৰি লোৱা হ'বঃ ৰঞ্জিত দাস - Hailakandi news
হাইলাকান্দিত এখন দলীয় সভাত ভাগ লৈ অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ৷ 6 নং দফাৰ অধীনত বৰাকৰ ৰাইজৰ বাবেও খিলঞ্জীয়া সংৰক্ষণ নীতি প্ৰযোজ্য হ'ব বুলি মন্তব্য প্ৰকাশ সভাপতিগৰাকীৰ ৷
হাইলাকান্দি, 29 ছেপ্টেম্বৰঃ দেওবাৰে হাইলাকান্দিত জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পিছতে এই সন্দৰ্ভত জনজাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে বিজেপি জিলা সমিতিয়ে আহ্বান কৰা এক দলীয় সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত নেতাগৰাকীয়ে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ ক্ষেত্ৰত বৰাক-ব্ৰহ্মপুত্ৰৰ সমূহ ৰাইজক সামৰি খিলঞ্জীয়া সংৰক্ষণ নীতি তৈয়াৰ কৰা হ'ব বুলি মন্তব্য কৰে ৷ বৰাকৰ ৰাইজও অসমৰ খিলঞ্জীয়া লোক বুলি উল্লেখ কৰি 6নং দফাৰ ক্ষেত্ৰত বৰাকবাসী ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি তাৎপৰ্যপূৰ্ণ মত ব্যক্ত কৰে ৷ উল্লেখ্য যে হাইলাকান্দি জিলা বিজেপিৰ উক্ত জন জাগৰণ সভাত ৰঞ্জিত দাসৰ লগতে বিজেপিৰ কেন্দ্ৰীয় নেতা অজয় জামৱাল, সাংসদ দিলীপ শইকীয়া, কৃপানাথ মাল্লাকে ধৰি কেইবাগৰাকী বিজেপি নেতাই অংশগ্ৰহণ কৰে ।