হাইলাকান্দি , 02 এপ্ৰিলঃ"হিমন্ত বিশ্বৰ নিৰ্দেশত চলে কংগ্ৰেছ ৷ হিমন্তৰ কথাত তেওঁৰ অতি ঘনিষ্ঠ আবু তাহেৰ বেপাৰি আৰু আব্দুল খালেকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কংগ্ৰেছে ৷ " সোমবাৰে হাইলাকান্দিত আয়োজিত এক নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি এ আই ইউ ডি এফৰ মুৰব্বী বদৰউদ্দিন আজমলে কৰে এই মন্তব্য ৷
হিমন্ত বিশ্বৰ নিৰ্দেশত চলে কংগ্ৰেছঃ বদৰুদ্দিন আজমল - কংগ্ৰেছ
হিমন্তৰ কথাত তেওঁৰ অতি ঘনিষ্ঠ আবু তাহেৰ বেপাৰি আৰু আব্দুল খালেকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কংগ্ৰেছেঃ আজমল ৷ হাইলাকান্দিত আয়োজিত এক নিৰ্বাচনী জনসভাত অংশলৈ এ আই ইউ ডি এফৰ মুৰব্বী বদৰউদ্দিন আজমলে এই মন্তব্য কৰে ৷
আনহাতে এ আই ইউ ডি এফৰ এই নিৰ্বাচনী জনসভাখনত স্বয়ং দলৰ মুৰব্বী গৰাকীক দেখা গ'ল গভীৰ নিদ্ৰাত ৷ সভা চলি থকা অৱস্থাতে আজমল চকীত বহি গভীৰ নিদ্ৰাত থকাৰ দৃশ্য বন্দীহ'ল সাংবাদিকৰ কেমেৰাত । ইপিনে সভাত দেখা গ'ল আন এক দৃশ্য ৷ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইন লস্কৰে বক্তব্য প্ৰদান কৰাৰ সময়ত সৃষ্টি হয় এক অনাকাঙ্খিত পৰিস্থিতিৰ। একাংশ দলীয় কৰ্মী সমৰ্থকে বিধায়ক গৰাকীক বক্তব্য দিয়াত বাধা প্ৰদান কৰাৰ ফলত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। অৱশ্যে পৰৱৰ্তী সময়ত বিধায়ক গৰাকীয়ে নিজৰ বক্তব্য সম্পূৰ্ণ কৰিলে ৷