অসম

assam

ETV Bharat / state

অটল অমৃত অভিযানঃ হাইলাকান্দিৰ ৰাইজে কি পালে ! - অটল অমৃত অভিযান হাইলাকান্দি

জিলাখনত ২৭৪৯৭৪ জন লোকৰ অটল অমৃত কাৰ্ড বনোৱা হৈছে বুলি অটল অমৃত অভিযানৰ হাইলাকান্দি শাখাৰ বিষয়াই জানিবলৈ দিয়ে ৷ কিন্তু "অটল অমৃত অভিযান" অধীনত থকা 5 টা ৰোগৰ এটা ৰোগৰো চিকিৎসা প্ৰদান কৰা হোৱা নাই হাইলাকান্দি সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত ৷ ফলত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ৰোগীসকল ৷

অটল অমৃত অভিযানঃ হাইলাকান্দি ৰাইজৰ প্ৰাপ্তি-অপ্ৰাপ্তি
অটল অমৃত অভিযানঃ হাইলাকান্দি ৰাইজৰ প্ৰাপ্তি-অপ্ৰাপ্তি

By

Published : Feb 10, 2020, 6:55 PM IST

Updated : Feb 10, 2020, 8:40 PM IST

হাইলাকান্দি, 10 ফেব্ৰুৱাৰীঃ কেন্দ্ৰৰ শাসনাধিস্থিত বিজেপি চৰকাৰখনে দেশৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ জনকল্যাণমুখী আঁচনি ৷ জনকল্যাণকামী আঁচনিসমূহৰ ভিতৰত স্বাস্থ্য খণ্ডত গ্ৰহণ কৰা হৈছিল "অটল অমৃত অভিযান" আচঁনি ৷ দুখীয়া,অভাৱগ্ৰস্ত লোকসকল যাতে অৰ্থৰ অভাৱত চিকিৎসা সেৱা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া নহয় অথবা ৰোগীৰ পৰিয়ালটো সৰ্বস্বান্ত হ'বলগীয়া নহয় তাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰে "অটল অমৃত অভিযান"

সমগ্ৰ দেশৰ ভিতৰতে "অটল অমৃত অভিযান" আঁচনিখন স্বাস্থ্য সেৱাৰ এখন উল্লেখযোগ্য আঁচনি হিচাপে পৰিগণিত হৈছে ৷ হাইলাকান্দি জিলা স্বাস্থ্য বিষয়াৰ পৰা জানিব পৰা মতে, ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে হাইলাকান্দিটো বহু সংখ্যক ৰোগীয়ে এই আচঁনিখনৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ হাইলাকান্দি জিলাত এতিয়ালৈকে ৬৩ জন ৰোগীয়ে"অটল অমৃত অভিযান"ৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিছে ৷ আনহাতে শিলচৰ মেডিকেল কলেজ হাস্পাতালত আৰু অন্যান্য হাস্পতালত এতিয়ালৈ বহু সংখ্যক ৰোগীয়ে "অটল অমৃত অভিযান"ৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিছে ৷

অটল অমৃত অভিযানঃ হাইলাকান্দি ৰাইজৰ প্ৰাপ্তি-অপ্ৰাপ্তি

কেৱল অটল অমৃত অভিযানেই নহয় জানিব পৰা মতে, "প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত যোজনা" ৰ জৰিয়তেও হাইলাকান্দি হাস্পতালৰ পৰা প্ৰেৰণ কৰা কেইবাজনো ৰোগীক সেৱা আগবঢ়োৱা হৈছে । শিলচৰ মেডিকেল কলেজ হাস্পতালত "অটল অমৃত অভিযান"ৰ জৰিয়তে ৰোগীয়ে আই চি ইউৰ বিনামূলীয়া সেৱাও লাভ কৰিছে ৷ যিহেতু হাইলাকান্দি সন্তুষ কুমাৰ ৰায় আসামৰিক চিকিৎসালয়ত সুবিধা নথকাৰ ফলত উক্ত হাস্পাতালখনৰ পৰা প্ৰেৰণ কৰা বহু কৰ্কট আৰু হৃদযন্ত্ৰৰ ৰোগীয়ে শিলচৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাৰ সুবিধা লাভ কৰিছে ৷

লগতে পঢ়কঃ নগাঁৱৰ কেবাগৰাকী বিশেষজ্ঞ চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা

ইতিমধ্যে হাইলাকান্দি জিলাৰ সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত ২০৯৩ খন কাৰ্ড বনোৱাৰ লগতে আশা কৰ্মীসকলে জিলাখনৰ গাঁৱে গাঁৱে গৈ প্ৰায়২,৭২,৮৮১খন কাৰ্ড বনাইছে ৷ মুঠতে জিলাখনত২,৭৪,৯৭৪ জন লোকৰ অটল অমৃত কাৰ্ড বনোৱা হৈছে বুলি অটল অমৃত অভিযানৰ হাইলাকান্দি শাখাৰ বিষয়াই জানিবলৈ দিয়ে ৷ কিন্তু "অটল অমৃত অভিযান" অধীনত থকা 5 টাৰোগৰ মাজত এটা ৰোগৰো চিকিৎসা প্ৰদান কৰা হোৱা নাই হাইলাকান্দি সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত ৷ ফলত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ৰোগীসকল ৷

Last Updated : Feb 10, 2020, 8:40 PM IST

ABOUT THE AUTHOR

...view details