হাইলাকান্দি,16 ডিচেম্বৰঃ হাইলাকান্দিত আছুৰ গণ সত্যাগ্ৰহ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হাইলাকান্দিত প্ৰতিবাদ। জিলাখনৰ আলগাপুৰ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে এই প্ৰতিবাদ। আছুৰ নেতৃত্বত শতাধিক ৰাইজে আলগাপুৰ বজাৰৰ পৰা এক সমদল উলিয়াই যাত্ৰা কৰে আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়লৈ।
হাইলাকান্দিত প্ৰতিবাদকাৰীক আটক - হাইলাকান্দিত প্ৰতিবাদকাৰীক আটক
আছুৰ নেতৃত্বত শতাধিক ৰাইজে আলগাপুৰ বজাৰৰ পৰা এক সমদল উলিয়াই যাত্ৰা কৰে আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়লৈ ৷
হাইলাকান্দিত CA(A)প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ
উল্লেখ্য যে,আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা আছিল আছু নেতৃবৃন্দৰ। কিন্তু প্ৰতিবাদকাৰী দলটো চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হোৱাৰ আগতেই বাধা প্ৰদান কৰে আৰক্ষীয়ে। আৰু তাৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ যায় প্ৰতিবাদকাৰীসকলক।
লগতে চাওকঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লণ্ডনত প্ৰবাসী অসমীয়াৰ প্ৰতিবাদ