অসম

assam

ETV Bharat / state

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় বাংলাদেশীঃ জহিৰুল আলি চৌধুৰী - গৌতম ৰয়

হাইলাকান্দিৰ এগৰাকী ব্যক্তি জহিৰুল আলি চৌধুৰীয়ে গৌতম ৰয়ৰ নাগৰিকত্বকলৈ অভিযোগ NRC কতৃপক্ষক। ইয়াৰ বিপৰীতে গৌতম ৰয়ে এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ উচিত বিচাৰ নিশ্চয় পাব বুলিও মন্তব্য কৰে গৌতম ৰয়ে ।

প্ৰাক্তন মন্ত্ৰী গৌতম ৰায় বাংলাদেশীঃ জহিৰুল আলি চৌধুৰী

By

Published : May 16, 2019, 4:01 PM IST

হাইলাকান্দি, ১৬ মেঃ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় বিদেশী বুলি মন্তব্য হাইলাকান্দিৰ জহিৰুল আলি চৌধুৰীৰ। এই সম্পৰ্কত NRC কতৃপক্ষক অভিযোগ দাখিল কৰিছে জহিৰুল আলি চৌধুৰীয়ে।

প্ৰাক্তন মন্ত্ৰী গৌতম ৰায় বাংলাদেশীঃ জহিৰুল আলি চৌধুৰী

বৰাক উপত্যকাৰ অতি প্ৰতাপী প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ পিতৃ সন্তোষ কুমাৰ ৰয় স্বাধীনতা সংগ্ৰামত জড়িত থকাৰ পিছতো গৌতম ৰয়ে প্ৰমাণ দিব লাগিব নিজৰ নাগৰিকত্বৰ। হাইলাকান্দিৰ এগৰাকী ব্যক্তি জহিৰুল আলি চৌধুৰীয়ে গৌতম ৰয়ৰ নাগৰিকত্বলৈ অভিযোগ উত্থাপন কৰিছে NRC কতৃপক্ষৰ ওচৰত। লগতে তেওঁৰ পুত্ৰ ৰাহুল ৰয়ৰ ৬ বছৰীয়া পুত্ৰ হিমব্ৰত ৰয়ৰ নাগৰিকত্বক লৈয়ো অভিযোগ তুলিছে জহিৰুল আলি চৌধুৰীয়ে। ইতিমধ্য়ে NRC কতৃপক্ষৰ পৰাও আহিছে এখন জাননী। কিন্তু ইয়াৰ বিপৰীতে গৌতম ৰয়ে এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ উচিত বিচাৰ নিশ্চয় পাব বুলিও মন্তব্য কৰে গৌতম ৰয়ে।

লগতে আন এটা বাতৰি - মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰ্যালোচনা কৃষি বিভাগৰ কাম-কাজ

ABOUT THE AUTHOR

...view details