হাইলাকান্দি,9 ফেব্ৰুৱাৰী:হাইলাকান্দি জিলাৰ কাটলিছেৰাৰ অসম-মিজোৰাম সীমান্তত সৃষ্টি আতংকময় পৰিস্থিতি ৷ চাৰিদিন পূৰ্বে এই অঞ্চলৰ এখন বিদ্যালয়ত মিজো দুৰ্বৃত্তই বোমা বিস্ফোৰণ সংঘটিত কৰিছিল ৷ ইয়াৰ পিছতেই স্থানীয় এক মছজিদত মিজোৰাম আৰক্ষীয়ে শিবিৰ স্থাপন কৰি পহৰা দি আছে ৷ স্থানীয় ৰাইজৰ অভিযোগ মিজোৰাম আৰক্ষীয়ে বলপূৰ্বকভাৱে স্থানীয় ৰাইজৰ ভূমি দখল কৰি তাত শিবিৰ স্থাপন কৰিছে ৷
অসমৰ ভূমিত মিজো আৰক্ষীৰ শিবিৰ - মিজো দুৰ্বৃত্ত
হাইলাকান্দি জিলাৰ কাটলিছেৰাত চাৰিদিন পূৰ্বে বোমা বিস্ফোৰণ সংঘটিত কৰিছিল মিজো দুৰ্বৃত্তই ৷ ইয়াৰ উপৰিও অঞ্চলটোত বলপূৰ্বকভাৱে স্থানীয় ৰাইজৰ ভূমি মিজো আৰক্ষীয়ে দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াকে লৈ শংকিত হৈ পৰিছে ৰাইজ ৷
![অসমৰ ভূমিত মিজো আৰক্ষীৰ শিবিৰ AS_HKD_assam-mizoram-border-dispute_vis_AS10008](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10557231-thumbnail-3x2-h.jpg)
অসমৰ ভূমিত মিজো আৰক্ষীৰ শিবিৰ
হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্ত
মঙলবাৰে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ দীৰ্ঘদিন ধৰি কাটলিছেৰাবাসীয়ে সীমান্তজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ কিন্তু তেওঁলোকৰ এই সমস্যাৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাক লৈ ক্ষুব্ধ হৈ পৰিছে প্ৰতিনিধিৰ দলটো ৷ অতি শীঘ্ৰে সীমান্তৰ এই সমস্যা সমাধান নকৰিলে অনাগত দিনত বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
লগতে পঢ়ক-কোকৰাঝাৰত পুনৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ