হাইলাকান্দি,12ফেব্ৰুৱাৰী : অসম-মিজোৰাম সীমান্তৰ কচু্ৰতলত সংঘটিত হোৱা ঘটনাই লৈছে কিছু স্বাভাৱিক ৰূপ ৷ কিন্তু ইয়াৰ পাচতো আজি পৰ্যন্ত আতংকত ভুগি আছে অঞ্চলটোৰ লোকসকল ৷ আজিও গৃহহীন কচুৰতলৰ গাঁৱৰ অৰ্ধশতাধিক পৰিয়াল ।
উল্লেখ্য যে, মঙলবাৰে নিশা হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰতল অঞ্চলত অসমীয়া লোকৰ ২০ টাকৈ ঘৰ জ্বলাই দিছিল মিজোৰামৰ দিশৰ পৰা অহা দুৰ্বত্তই । বিগত কেইবাদিনো ধৰি অঞ্চলটোত প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পথ নিৰ্মানক লৈ স্থানীয় ৰাইজ আৰু মিজো লোকৰ মাজত অব্যাহত আছে সংঘাত ৷ এটা পথ নিৰ্মাণত বাধা প্ৰদান কৰাৰ পাচতেই উত্তপ্ত হৈ পৰিছিল অঞ্চলটো,সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷
প্ৰাপ্ত খবৰ অনুসৰি,মিজোৰামৰ দিশৰ পৰা অহা দুৰ্বৃত্তই অসম-মিজোৰাম সীমান্তৰ ঝালনাছড়া, গল্লাছড়া আদি গাঁৱত আক্ৰমণ চলাই অর্ধ শতাধিক অসমীয়া ৰাইজৰ ঘৰ জ্বলাই দিছিল ৷ বহু কেইজন অসমীয়া ৰাইজক মাৰপিট কৰি আহত কৰিছিল । আনকি, গাঁওসমূহত প্ৰৱেশ কৰি বোমা বিস্ফোৰণ আৰু গুলিচালনা কৰিবলৈ ভাবুকি প্ৰদান কৰিছিল অসমীয়া ৰাইজক ৷