অসম

assam

ETV Bharat / state

পুনৰ কচুৰতল মছজিদৰ নিৰ্মাণ কাৰ্যত বাধা মিজো সংগঠনৰ - কচুৰতল মছজিদ

মিজো দুস্কৃতিকাৰীয়ে মছজিদ নিমাণকাৰ্যত বাধা প্ৰদানক লৈ তীব্ৰ উত্তেজন হাইলাকান্দিত ৷

ETV BHARAT
পুনৰ কচুৰতল মছজিদৰ নিৰ্মানকাৰ্যত বাধা মিজো সংগঠনৰ

By

Published : Mar 20, 2020, 7:31 PM IST

হাইলাকান্দি, 20 মাৰ্চঃ হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱর্তী কচৰথলত থকা এটা মছজিদক কেন্দ্ৰ কৰি উত্তাল পৰিস্থিতি সৃষ্টি হয়। মছজিদ নিৰ্মাণত বাধা মিজো দুষ্কৃতিকাৰীৰ ৷

পুনৰ কচুৰতল মছজিদৰ নিৰ্মানকাৰ্যত বাধা মিজো সংগঠনৰ

উল্লেখ্য যে, যোৱা ৰমজান মাহৰ আগত মিজো দুষ্কৃতিকাৰীয়ে কচুৰথলৰ মছজিদটো হস্ত নিৰ্মিত বোমাৰে ধংস কৰিছিল। এইলৈ সমগ্ৰ কচৰথলত তীব্ৰ উত্তেজনা সৃষ্টি হৈছিল । পিছত জিলা প্ৰশাসন আৰু বিধায়কৰ হস্তক্ষেপত পৰিস্থিত নিয়ন্ত্ৰণ কৰি মছজিদতো পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। পিছত আৰম্ভ হৈছিল মছজিদটোৰ নিৰ্মাণকাৰ্য, কিন্তু যোৱা দুদিনৰ আগতে পুনৰ মিজো দুস্কৃতিকাৰীয়ে মছজিদ নিমাণকাৰ্যত বাধা প্ৰদান কৰাৰ লগতে লণ্ডভণ্ড কৰে ৷ পিছত স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে অসম মিজোৰাম সংযোগী পথটো। অৱশেষত আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ স্থানীয় লোকৰ লগত আলোচনা কৰি পথ মুক্ত কৰি দিয়ে ৷

এই ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দিৰ সংখ্যালঘু ৰাইজৰ মাজত তীব্ৰ ক্ষোভে বিৰাজ কৰি আছে । এইলৈ হাইলাকান্দিৰ সচেতন ৰাইজে এখন সংবাদমেল পাতি মছজিদটো নিৰ্মাণকাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰাৰ দাবী জনাইছে প্ৰশাসনক । হাইলাকান্দিৰ কেইবাজন আইনজীৱিসহ বিশিষ্ট নাগৰিকে সংবাদমেল যোগে অহা ৰমজান মাহৰ আগতে এই মছজিদৰ নিৰ্মাণকাৰ্য সমাপ্ত কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক - নিৰ্ভয়া কাণ্ডত জড়িত চাৰি অপৰাধীক ফাঁচী

ABOUT THE AUTHOR

...view details