অসম

assam

ETV Bharat / state

হাইলাকন্দিৰ পৰিস্থিতিঃ সান্ধ্যআইন অব্যাহত, ক্ষতিপূৰণ ঘোষণা শুক্লবৈদ্যৰ - সান্ধ্যআইন

অনুষ্ঠানত আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে বক্তব্য ৰখাৰ সময়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ।

হাইলাকন্দিৰ পৰিস্থিতিঃ সান্ধ্যআইন অব্যাহত, ক্ষতিপূৰণ ঘোষণা শুক্লবৈদ্যৰ

By

Published : May 11, 2019, 8:23 PM IST

হাইলাকন্দি, ১১ মেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বুজ ল'লে হাইলাকান্দিৰ পৰিস্থিতি

আৰক্ষীৰ গুলীত নিহত হোৱা জেচিম হুছেইনৰ ঘৰত উপস্থিত হৈ দুখ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে

স্থানীয় ৰাইজে 10 লাখ টকাৰ এককালীন সহাৰ্য আৰু চৰকাৰী চাকৰি দিয়াৰ বাবে দাবী উত্থাপন কৰিছিল

মন্ত্ৰী পৰিমল শুক্লবৈদ্যই 5 লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰাৰ লগতে চৰকাৰী চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা কৰাৰ অশ্বাস প্ৰদান কৰে

আহত সকললৈ 50 হাজাৰকৈ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে

ব্যৱসায়ী সকলকো ক্ষয়-ক্ষতিৰ অনুসন্ধান কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে

ঘটনাৰ লগত জড়িতৰ অভিযোগত হাইলাকান্দি আৰক্ষীৰ টাউন ডাৰোগা টিংকু গোস্বামীক নিলম্বন কৰা হৈছে

সোমবাৰে পুৱা 7 বজাৰ পৰা জিলাখনত উঠাই লোৱা হ'ব সান্ধ্য আইন

জিলাখনত এতিয়াও ব্যাহত আছে ইণ্টাৰনেট সেৱা

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰাৰ নেতৃত্বত সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ'ব

অনুষ্ঠানত আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে বক্তব্য ৰখাৰ সময়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ

আৰক্ষীয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ কৰিছিল নিজামুদ্দিন চৌধুৰীয়ে

ABOUT THE AUTHOR

...view details