অসম

assam

ETV Bharat / state

তিনি বছৰৰ অন্তত ন্যায় পালে ফাৰুক উদ্দিন লস্কৰে - লোমহৰ্ষক হত্যাকাণ্ড

এগৰাকী পঞ্চায়ত সদস্যক হত্য‍াৰ অভিযোগত দুই ব্যক্তিক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ৷

তিনি বছৰৰ অন্তত ন্যায় পালে ফাৰুক উদ্দিন লস্কৰে

By

Published : Aug 8, 2019, 3:41 PM IST

হাইলাকান্দি,8আগষ্ট : ন্যায় পালে পঞ্চায়তৰ সদস্য ফাৰুক উদ্দিন লস্কৰে ৷ দুই বন্ধুৱে হত্যা কৰিছিল ফাৰুকক ৷ হত্যাকাৰীক আজীৱন কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ৷

তিনি বছৰৰ অন্তত ন্যায় পালে ফাৰুক উদ্দিন লস্কৰে


২০১৬ চনৰ ৬ ফেব্ৰুবাৰিত হাইলাকান্দি চহৰতলীৰ ৰতনপুৰ গাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ ভূমি বিবাদক কেন্দ্ৰ কৰি দুজন বন্ধুয়ে আক্ৰমণ কৰিছিলে ফাৰুক উদ্দিন লস্কৰ নামৰ এগৰাকী পঞ্চায়ত সদস্যক ৷ মৰিয়াই-মৰিয়‍াই হত্যাৰ চেষ্টা কৰিছিল ফাৰুক উদ্দিনক । যাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল ফাৰুক উদ্দিন লস্কৰ ৷ গুৰুতৰ অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালতেই মৃত্যু হৈছিল ফাৰুক উদ্দিনৰ ৷ আৰক্ষীয়ে দুই বন্ধু আলতাফ হুছেইন বড়লস্কৰ আৰু আনোৱাৰ হুছেইন বড়লস্কৰক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছিল ৷ তিনি বছৰ অন্তত আদালতে মুঠ ১৫ গৰাকী ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰি দুগৰাকী অভিযুক্ত আলতাফ হুছেইন বড়লস্কৰ আৰু আনোৱাৰ হুছেইন বড়লস্কৰক হত্যাৰ গোচৰত আজীৱন সশ্ৰম কাৰাদণ্ড আৰু লগতে ৫ হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details