হাইলাকান্দি, ৫ নৱেম্বৰ: সুদীৰ্ঘ ৭ মাহৰ পিছত যোৱা ২ নৱেম্বৰৰ পৰা শিক্ষা বিভাগৰ নিৰ্দেশমৰ্মে ৰাজ্য়ৰ শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ কৰা হৈছে। কিন্তু এতিয়াও কেতবোৰ শিক্ষানুষ্ঠানত আৰম্ভ কৰিব পৰা নাই পাঠদান প্ৰক্ৰিয়া। লকডাউনৰ সময়ত বহি:ৰাজ্যৰ পৰা অহা নাগৰিকসকলক ৰখাৰ বাবে ব্যৱহৃত হৈছিল হাইলাকান্দি জিলা সদৰত স্থিত চৰকাৰী ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। পিছে বিদ্য়ালয় খুলি চকু কপালত উঠিল কৰ্তৃপক্ষৰ।
কোৱাৰেন্টাইন চেণ্টাৰ আঁতৰাই নিলে ঠিকেই। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকে কৰি যোৱা ক্ষয়-ক্ষতিৰ বাবে পাঠদান আৰম্ভ কৰিব পৰা নাই বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয় চৌহদত কদৰ্যময় পৰিস্থিতি। শ্ৰেণীকোঠাৰ বাহিৰে-ভিতৰে আছে ভঙা ডেক্স-বেঞ্চ, চকী-মেজ। কোৱাৰেন্টাইনত থকা লোকসকলে নষ্ট কৰিলে বিদ্যালয়খনৰ প্ৰায় ৫০ শতাংশ আন্তগাঁথনি। এই সন্দৰ্ভত বিদ্য়ালয় কৰ্তৃপক্ষই এক পত্ৰযোগে জিলা প্ৰশাসনক অৱগত কৰোৱাৰ পিছতো প্ৰশাসনে বিদ্য়ালয়খন পৰিষ্কাৰ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।