অসম

assam

ETV Bharat / state

হাইলাকান্দিত অংগণবাদী কৰ্মীৰ প্ৰতিবাদ - Angadwadi worker's protest

হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত অংগণবাদী কৰ্মীৰ প্ৰতিবাদ

হাইলাকান্দিত অংগণবাদী কৰ্মীৰ প্ৰতিবাদ

By

Published : Aug 17, 2019, 6:52 PM IST

হাইলাকান্দি, 17 আগষ্ট : হাইলাকান্দি জিলাৰ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যলয়ৰ সন্মুখত শনিবাৰে হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত অংগণবাদী কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাইলাকান্দি জিলাৰ বহু সংখ্যক কৰ্মচাৰীয়ে পোৱা নাই 9 মাহৰ প্ৰাপ্য দৰমহা ৷ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মধুমিতা নাথৰ বিৰুদ্ধে কামৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে অংগনবাদী কৰ্মচাৰী সকলে ৷ অংগনবাদী কৰ্মীসকলৰ নায্য দাবীক সমৰ্থন কৰি অংগণবাদী কৰ্মীসকলৰ প্ৰতিবাদ কাৰ্যসূচীক নেতৃত্ব দিয়ে "কৃষক মুক্তি সংগ্ৰাম সমিতি" সংগঠনটোৱে ৷ প্ৰতিবাদকাৰী সকলে প্ৰমিলা ৰাণী ব্ৰহ্ম হায় হায়, মধুমিতা ৰাণী হায় হা. আদি শ্ল'গানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷

হাইলাকান্দিত অংগণবাদী কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details