অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গাডীৰ লোভত হতাশাত ভুগিছে মন্ত্ৰী হিমন্তঃ বদৰউদ্দিন আজমল - মুখ্যমন্ত্ৰীৰ গাডীৰ লোভত হতাশাত ভুগিছে মন্ত্ৰী হিমন্তঃ বদৰউদ্দিন আজমল

" হিমন্তৰ সুৰ শুনিলে কণ কণ শিশুৱে ভয় পায় লগতে বাঘ সিংহই ভয় কৰে ৷ ইয়াৰোপৰি বৰ্তমান সময়ত হতাশাগ্রস্ত মন্ত্ৰী হিমন্ত বিশ্ব শর্মা অসমৰ ৰাজনীতিত অপ্রাসংগিক হৈ পৰিছে বুলিও অনুষ্ঠানত মন্তব্য কৰে আজমলে ।"

হাইলাকান্দিত আজমল ফাউণ্ডেশ্যনৰ অনুষ্ঠানত উপস্থিত বদৰউদ্দিন আজমল
মুখ্যমন্ত্ৰীৰ গাডীৰ লোভত হতাশাত ভুগিছে মন্ত্ৰী হিমন্তঃ বদৰউদ্দিন আজমল

By

Published : Jan 19, 2020, 3:19 PM IST

হাইলাকান্দি, 19 জানুৱাৰীঃ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শর্মাক পগলা বুলি সমালোচনা কৰিলে AIUDF ৰ প্ৰধান বদৰুদ্দিন আজমল । শনিবাৰে হাইলাকান্দিত আজমল ফাউণ্ডেশ্যনৰ এক অনুষ্ঠানত যোগ দিবলৈ আহি সাংবাদিকৰ আগত অসমৰ ৰাজনৈতিক প্ৰসংগত এনে মন্তব্য কৰে আজমলে। তেওঁ কয় যে, "হিমন্তই আজমলৰ আহ্বান আৰু ৰাজনীতি বাদ দি চিনেমা কৰক , তেওঁ এজন ভাল অভিনেতা হ'ব পাৰিব ৷"আজমল ফাউণ্ডেশ্যনৰ অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ সৰৱ হৈ পৰে AIUDF ৰ প্ৰধানগৰাকী ৷

"হিমন্তৰ সুৰ শুনিলে কণ-কণ শিশুৱে ভয় খায় লগতে বাঘ সিংহই ভয় কৰে ৷ ইয়াৰোপৰি বৰ্তমান সময়ত হতাশাগ্রস্ত মন্ত্ৰী হিমন্ত বিশ্ব শর্মা অসমৰ ৰাজনীতিত অপ্রাসংগিক হৈ পৰিছে বুলিও অনুষ্ঠানত মন্তব্য কৰে আজমলে ।"

হাইলাকান্দিত আজমল ফাউণ্ডেশ্যনৰ অনুষ্ঠানত উপস্থিত বদৰউদ্দিন আজমল

আনহাতে অসমত নতুন অঞ্চলিক দল গঠন হ'লে স্বাগতম জনাব বদৰউদ্দিন আজমলে। ইয়োৰপৰি নিজৰ কোনো ধৰণৰ মুখ্যমন্ত্রী হোৱাৰ অভিলাষ নাই বুলিও শনিবাৰৰ অনুষ্ঠানত মন্তব্য কৰে আজমলে।

For All Latest Updates

ABOUT THE AUTHOR

...view details