অসম

assam

By

Published : Nov 10, 2020, 8:21 AM IST

ETV Bharat / state

দহ কোটি টকা দিয়ক আৰু AIUDFৰ টিকট লওক:বদৰ উদ্দিন আজমল

দহ কোটি টকাৰ বিনিময়তহে হাইলাকান্দিত দিয়া হ'ব বিধায়কৰ টিকট ৷ সাংসদ বদৰ উদ্দিন আজমলে কয় যে,চাৰি বছৰে সমষ্টিৰ উন্নয়নত ব্যৰ্থ হৈছে হাইলাকান্দি জিলাৰ তিনি বিধায়ক সেই বাবেই সমষ্টিত এখন চিকিৎসালয় নিৰ্মাণৰ বাবে দিব লাগিব এই টকা ৷

AS_HKD_AIUDF_MEETING_vis_AS10008
দহ কোটি টকা দিয়ক আৰু AIUDF ৰ টিকট লওক:বদৰ উদ্দিন আজমল

হাইলাকান্দি,10নৱেম্বৰ: দহ কোটি টকা দিয়ক আৰু AIUDFৰ টিকট লওক ৷ হাইলাকান্দিৰ এখন সভাত এই মন্তব্য বদৰ উদ্দিন আজমলৰ ৷ সোমবাৰে হাইলাকান্দি আয়নাখালৰ এখন কৰ্মী সভাত উপস্থিত হৈ আজমলে কয় য়ে,হাইলাকান্দি জিলাৰ তিনি বিধায়ক পদৰ টিকটৰ বাবে দহ কোটি টকা দিব লাগিব ৷ টিকট পোৱাৰ আগত ৫ কোটি টকা আৰু টিকট পোৱাৰ পাছত ৫ কোটি টকা দিব লাগিব ৷

দহ কোটি টকা দিয়ক আৰু AIUDF ৰ টিকট লওক:বদৰ উদ্দিন আজমল

কিয়নো,চাৰি বছৰে সমষ্টিৰ উন্নয়নত ব্যৰ্থ হৈছে হাইলাকান্দি জিলাৰ তিনি বিধায়ক ৷ সেইবাবেই সমষ্টিত এখন চিকিৎসালয় নিৰ্মাণৰ বাবে দিব লাগিব এই টকা ৷ লাহ-বিলাস কৰি টকা খৰছ কৰিলে নহ'ব,সমষ্টিৰ উন্নয়নৰ বাবেও কাম কৰিব লাগিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ ইফালে,কংগ্ৰেছৰ পিছতে ডা: হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত AIUDF য়েও গোচৰ ৰুজু কৰিব বুলিও কয় বদৰ উদ্দিন আজমলে ৷

লগতে পঢ়ক:সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে জড়িত 21 গৰাকীক আটক

ABOUT THE AUTHOR

...view details