হাইলাকান্দি,4 মাৰ্চ:অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা ঘোষণা কৰাৰ লগে লগে প্ৰত্যেক ৰাজনৈতিক দলে আগতকৈ অধিক তৎপৰতাৰে, ন ন কৌশলেৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে ৷ বুধবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে এক বিশাল জনসভা আয়োজন কৰি ৰাইজৰ পৰা ভোট ভিক্ষা কৰে ৷ আলগাপুৰ বজাৰৰ সন্মুখত আয়োজন কৰা জন সভাখনত অংশ লৈ আবেগভৰা মন্তব্যৰে চৌধুৰীয়ে তেওঁক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায় ৷
ৰাইজক ভোটদানৰ আহ্বান জনাই বিধায়কগৰাকীয়ে বিগত 5 বছৰে কৰা ভুলৰ বাবেও ক্ষমা বিচাৰে ৷ উল্লেখ্য যে, বিজেপিৰ টিকট প্ৰত্যাশী সুৰজ সেনৰ গাঁৱৰ পৰা প্ৰায় 83 গৰাকী লোকে এআইডিইউএফত যোগদান কৰাকলৈও ৰাজনৈতিক মহলত বিশেষ চৰ্চা চলিছে ৷