হাইলাকান্দি,6 জানুৱাৰী : হাইলাকান্দিত অগপ দলৰ জাতীয় সমাৰোহ ৷ বুধবাৰে দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হোৱা সমাৰোহত উপস্থিত থাকিব কৃষিমন্ত্ৰী অতুল বৰা, জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্ত, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে দলটোৰ কেইবাগৰাকীয়ো কেন্দ্ৰীয় নেতৃত্ব ৷ হাইলাকান্দিৰ এই সমাৰোহস্থলীৰ পৰাই আগন্তুক 2021 বিধানসভা নিৰ্বাচনৰ ৰণ ডংকা বজাব অগপই ৷
হাইলাকান্দিত অগপৰ জাতীয় সমাৰোহ - AGP national conference
বুধবাৰে হাইলাকান্দিত অনুষ্ঠিত কৰা হৈছে অগপৰ জাতীয় সমাৰোহ ৷ এই সমাৰোহৰ পৰাই আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণ ডংকা বজাব অগপই ৷

হাইলাকান্দিত অগপৰ জাতীয় সমাৰোহ
হাইলাকান্দিত অগপৰ জাতীয় সমাৰোহ
উল্লেখ্য যে, গুৱাহাটীৰ পৰা বিমানযোগে আহি উপস্থিত হ’ব অগপৰ তিনিওগৰাকী মন্ত্ৰী ৷ ইয়াৰ পিছত কাটাখালৰ পৰা বাইক ৰেলী কৰি আলগাপুৰত উপস্থিত হ’ব আৰু তাৰ পৰা হাতীৰ পিঠিত তিনিওগৰাকী মন্ত্ৰী সভাস্থলীত উপস্থিত হ’ব ৷
লগতে পঢ়ক-ভাৰত-বাংলা সীমান্তৰ সুৰংগৰ ঘটনাক গাপ দিয়াৰ চেষ্টা বি এছ এফৰ
Last Updated : Jan 6, 2021, 12:47 PM IST