অসম

assam

ETV Bharat / state

অভিজিত শৰ্মা মজুমদাৰ হত্যাকাণ্ডঃ গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

হাইলাকান্দি আৰক্ষীৰ বৃহৎ সাফল্য ৷ বৰ্তমানলৈকে অভিজিত শৰ্মা মজুমদাৰৰ হত্যাকাণ্ডত জড়িত মুঠ পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ ৷ এতিয়াও পলাতক এজন ৷

By

Published : Feb 12, 2020, 3:24 AM IST

অভিজিত শৰ্মা মজুমদাৰ হত্যাকাণ্ডঃ গ্ৰেপ্তাৰ আন দুই অভিযুক্ত
অভিজিত শৰ্মা মজুমদাৰ হত্যাকাণ্ডঃ গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

হাইলাকান্দি, 12 ফেব্ৰুৱাৰীঃদীৰ্ঘ বছৰ ধৰি চলি অহা এক ভূমি বিবাদৰ নিষ্পত্তিৰ বাবে যোৱা দেওবাৰে হাইলাকান্দিৰ মোহনপুৰত আয়োজন কৰা হৈছিল এখন বিচাৰ সভা । এটা প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা হৈছিল এই বিচাৰ সভা ৷ য’ত উপস্থিত আছিল উভয় পক্ষৰ লোক ।

কিন্তু সভা চলি থকাৰ মাজতেই হঠাৎ উত্তাল হৈ পৰে সভাস্থলী । মোহনপুৰ গাঁৱৰ গাওঁ পঞ্চায়ত সদস্য ছাইবুৰ ৰহমান, পিতৃ বাবুই আলী সহ এটা বৃহৎ দলে দা, লাঠি সহ বিভিন্ন চুকা অস্ত্ৰৰে আক্ৰমণ চলায় বিপক্ষত থকা অভিজিত শৰ্মা মজুমদাৰ, প্ৰতাপ ৰয়, চানি ৰয়আৰু প্ৰভাত ৰয়ৰওপৰত ।

এই আক্ৰমণত ঘটনাস্থলিতে মৃত্যু হয় অভিজিত শৰ্মা মজুমদাৰৰ । লগতে গুৰুতৰ ভাবে আহত হয় বাকি তিনি গৰাকী লোক । ঘটনাৰ পিছতেই হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনি অভিযুক্ত ছাইবুৰ ৰহমান, বাবুই আলীআৰুৰহিম উদ্দিনক

ইপিনে মঙলবাৰে হাইলাকান্দি আৰক্ষীয়ে মোহনপুৰ গাঁৱত আভিযান চলাই হত্যাকাণ্ডত জড়িত থকা আন দুই অভিযুক্ত ক্ৰমে বাহাৰ উদ্দিন লস্কৰ আৰু ছালমান হাইদৰ লস্কৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে বৰ্তমানো এজন পলাতক অৱস্থাত আছে ৷

অভিজিত শৰ্মা মজুমদাৰ হত্যাকাণ্ড গোচৰত হাইলাকান্দি আৰক্ষীৰ বৃহৎ সাফল্য

সম্প্ৰতি এতিয়া হাইলাকান্দিত পৰিস্থিতি নিয়ন্ত্ৰণ আছে যদিও জিলাখনত বাহাল ৰখা হৈছে ১৪৪ ধাৰা । দক্ষিণ অসম প্ৰান্তৰ আৰক্ষী উপ মহাপৰিদৰ্শক দিলীপ কুমাৰ দেয়ে হাইলাকান্দি ৰাইজক আহ্বান জনায় কয় যে, ৰাইজে হাইলাকান্দিত শান্তি সম্প্ৰতি বজায় ৰখাৰ লগতে উৰা বাতৰিত ভুল নাযায় যাতে হাতত আইন তুলি নলয় ৷

ABOUT THE AUTHOR

...view details