হাইলাকান্দি, 24 নৱেম্বৰঃ হাইলাকান্দি জিলাৰ লালা আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি মঙলবাৰে আধাৰ কাৰ্ড নিৰ্মাণৰ নামত দীৰ্ঘদিন ধৰি অবাধ বেহা চলাই অহা এজন লোকক আটক কৰে ৷ লালা আৰক্ষী চকীৰ এক সুত্ৰই সদৰি কৰা মতে ভাৰপ্ৰাপ্ত বিষয়া লিটন নাথৰ নেতৃত্বত মঙলবাৰে সন্ধিয়া এক অভিযান চলোৱা হয় ৷
অভিযানত এজন লোকক আটক কৰাৰ লগতে আধাৰ কাৰ্ড নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে । আটক কৰা যুৱকজনৰ নাম সাইদুল ৰহমান লস্ক ৷