অসম

assam

ETV Bharat / state

NRC আতংকঃ হাইলাকান্দিত মহিলাৰ আত্মহত্যা - হাইলাকান্দি ষ্টেচন ৰোড

NRCৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে হাইলাকান্দিত আত্মহত্যা মহিলাৰ ৷ হাইলাকান্দি ষ্টেচন ৰোডৰ বাসিন্দা সাবিত্ৰী ৰয়ে গাত জুই লগাই আত্মহত্যা কৰে ৷ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য ৷

NRC আতঙ্কঃ হাইলাকান্দিত মহিলাৰ আত্মহত্যা

By

Published : Sep 4, 2019, 6:50 PM IST

হাইলাকান্দি, 4 ছেপ্তেম্বৰঃ NRCৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে হাইলাকান্দিত আত্মহত্যা মহিলাৰ ৷ বুধবাৰে হাইলাকান্দি ষ্টেচন ৰোডৰ বাসিন্দা সাবিত্ৰী ৰয়ে গাত জুই লগাই আত্মহত্যাৰ চেষ্ট‍া কৰে ৷ মহিল‍াগৰাকীক সম্পূৰ্ণ অগ্নিদগ্ধ অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যুবৰণ কৰে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা 31আগষ্টত প্ৰকাশিত NRCৰ চূড়ান্ত তালিকাত মহিলাগৰাকীৰ পৰিয়ালৰ আন সকলো সদস্যৰ নাম অন্তৰ্ভুক্ত আছে যদিও মহিলাগৰাকীৰ নাছিল ৷ সেই বাবে মহিল‍াগৰাকীয়ে মানসিকভাৱে ভাগি পৰাৰ ফলত আত্মহত্যা কৰা বুলি জনাইছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷ প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়াৰ পিছতো NRCৰ পৰা মহিলাগৰাকীৰ নাম কৰ্তন কৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

NRC আতঙ্কঃ হাইলাকান্দিত মহিলাৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details