অসম

assam

ETV Bharat / state

হাইলাকান্দিত স্বাৱ পৰীক্ষাৰ ৰিপ'ৰ্ট নহাৰ বাবে আত্মহত্যা মহিলাৰ - হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক চিকিৎসালয়

দেওবাৰে হাইলাকান্দি জিলাত এগৰাকী মহিলাই আত্মহত্যা কৰাৰ খবৰ আহি পৰিছে ৷ জিলাখনৰ নিশ্চিতপুৰ গাঁৱত সংঘঠিত হৈছে এই ঘটনা ৷ তথ্য অনুসৰি, স্বাৱ পৰীক্ষাৰ ৰিপ'ৰ্ট নহাৰ বাবে হতাশাত ভুগিছিল মহিলা গৰাকী ৷ অবশেষত হতাশাৰ পৰ‍া পৰিত্ৰাণ পাবলৈ দেওবাৰে পুৱা 4 বজাত বিদ্যালয়ৰ শৌচাগাৰত চিপ লৈ আত্মহত্যা কৰিছে বুলি স্বামী আবুল হুছেইনে জানিব দিয়ে ৷

A woman commits suicide in home quarantine
স্বাৱ পৰীক্ষাৰ ৰিপ'ৰ্ট নহাৰ বাবেই আত্মহত্যা মহিলাৰ

By

Published : Jul 12, 2020, 4:17 PM IST

হাইলাকান্দি, 12 জুলাই : কৰ'ণা সন্ত্ৰাসৰ মাজতে দেওবাৰে হাইলাকান্দি জিলাত এগৰাকী মহিলাই আত্মহত্যা কৰাৰ খবৰ আহি পৰিছে ৷ জিলাখনৰ নিশ্চিতপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

জানিব পৰা মতে, গাঁওখনৰ আবুল হুছেইন আৰু তেঁওৰ পত্নী চাৰবীন তাজ আৰু 7 বছৰীয়া কণমানি পুত্ৰকলৈ দীৰ্ঘ দিনৰ পৰা বাংগালুৰুত বসবাস কৰি আছিল । কিন্তু লক্ ডাউনৰ ফলত কৰ্মহীন হৈ পৰাৰ বাবে 24 জুনত নিজ ঘৰলৈ উভতি আহিছিল পৰিয়ালটো ৷ বহিঃৰাজ্যৰ পৰা পৰিয়ালটি উভতি অহাৰ পিচত জিলা প্ৰশাসনে গাঁৱৰে এখন বিদ্যালয়ত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছিল আটাইকে ৷

স্বাৱ পৰীক্ষাৰ ৰিপ'ৰ্ট নহাৰ বাবেই আত্মহত্যা মহিলাৰ

উল্লেখযোগ্য যে, 28 জুনত পৰিয়ালটিৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে নিয়া হৈছিল যদিও স্বামী আবুল হুছেইনৰ ৰিপ'ৰ্ট নিগেটিভ আহিছিল আৰু মাতৃ আৰু পুত্ৰৰ ৰিপ'ৰ্ট আহিবলৈ বাকী আছিল ৷

তথ্য অনুসৰি, পৰীক্ষাৰ ৰিপ'ৰ্ট নহাৰ বাবে হতাশাত ভুগিছিল মহিলা গৰাকী ৷ আনকি, বাংগালুৰুৰ 4 গৰাকী প্ৰতিবেশীৰ কৰ'ণাত মৃত্যু হোৱাৰ খবৰে বিচলিত কৰিছিল মহিলা গৰাকীক ৷ অবশেষত হতাশাৰ পৰ‍া পৰিত্ৰাণ পাবলৈ দেওবাৰে পুৱা 4 বজাত বিদ্যালয়ৰ শৌচাগাৰত চিপ লৈ আত্মহত্যা কৰিছে বুলি স্বামী আবুল হুছেইনে জানিব দিয়ে ৷

স্বাৱ পৰীক্ষাৰ ৰিপ'ৰ্ট নহাৰ বাবেই আত্মহত্যা মহিলাৰ

আনহাতে, ঘটনাৰ পিচতে ঘটনাস্থলীত জিলা প্ৰশাসন আৰু আৰক্ষীৰ লোকে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :২৪ ঘণ্টাত গুৱাহাটীত কৰ'ণাত আক্ৰান্ত হৈছে ৪১০ গৰাকী ব্যক্তি

ABOUT THE AUTHOR

...view details