অসম

assam

ETV Bharat / state

নামতহে বিদ্যালয়, বৰ্তমান বাসগৃহত পৰিণত

হাইলাকান্দি জিলাৰ কাটলিছেড়া শিক্ষা ব্লকৰ গাৰদ পুঞ্জি প্ৰাথমিক বিদ্যালয়খন বৰ্তমান মৃতপ্ৰায় কিয়নো বিদ্যালয়ত শিক্ষকৰ অভাৱ ৷ ২০১৪ চনৰ পৰাই পাঠদান বন্ধ হৈ পৰাৰ ফলত বিদ্যালয়গৃহ বাসগৃহলৈ পৰিণত হৈছে ৷

বাসগৃহত পৰিণত এখন বিদ্যালয়

By

Published : May 14, 2019, 7:27 PM IST

হাইলাকান্দি, 14 মে': হাইলাকান্দি জিলাৰ কাটলিছেড়া শিক্ষা ব্লকৰ ৫০০ সংখ্যক গাৰদ পুঞ্জি প্ৰাথমিক বিদ্যালয় ছাত্ৰ - ছাত্ৰী আৰু শিক্ষক - শিক্ষয়িত্ৰীৰ অভাৱত বাসস্থানলৈ পৰিণত হৈছে ৷ এজনো ছাত্ৰ - ছাত্ৰী আৰু শিক্ষক - শিক্ষয়িত্ৰীৰ অভাৱৰ বাবে ২০১৪ চনৰ পৰাই স্কুলখনত বন্ধ হৈ আছে পাঠদান ৷ যোৱা ৫ বছৰৰ পৰা শিক্ষা বিভাগে বিদ্যালয়খনত কোনো শিক্ষক নিয়োগ নকৰাত শতাধিক ছাত্ৰ - ছাত্ৰী থকাৰ পাছতো বন্ধ হৈ পৰে বিদ্যালয়খন ৷

বাসগৃহত পৰিণত এখন বিদ্যালয়

গাঁওবাসী ৰাইজে বহু আবেদন - নিবেদন কৰাৰ পাছতো শিক্ষা বিভাগে এজনো শিক্ষক নিদিয়াৰ ফলত বৰ্তমানত স্কুলখন ৰূপান্তৰিত হৈছে বাসগৃহলৈ ৷ চৰকাৰৰ অবহেলাৰ ফলত ৰাজ্যৰ বহু অঞ্চলত এনে বহুসংখ্যক বিদ্যালয় এতিয়া মৃতপ্ৰায় অৱস্থাত ৷

ABOUT THE AUTHOR

...view details