অসম

assam

ETV Bharat / state

হাইলাকান্দিত বাতিল হোৱাৰ পথত ৪০,০০০ ড্ৰাইভিং লাইচেঞ্চ

বাতিল হব পাৰে হাইলাকান্দিৰ চল্লিশ হাজাৰৰো অধিক ড্ৰাইভিং লাইচেঞ্চ । ইতিমধ্যে জিলা পৰিবহন বিষয়াই এই সন্দৰ্ভত দিছে এক নিৰ্দেশ । লগতে জিলা খনত বন্ধ কৰি দিয়া হৈছে স্মাৰ্ট কাৰ্ড ৰূপান্তৰ প্ৰক্ৰিয়া ।

হাইলাকান্দিত বাতিল হোৱাৰ পথত ৪০,০০০ ড্ৰাইভিং লাইচেঞ্চ

By

Published : Jun 28, 2019, 5:13 PM IST

Updated : Jun 29, 2019, 12:28 PM IST

হাইলাকান্দি,28জুনঃ সন্দেহৰ আৱৰ্তত হাইলাকান্দিৰ ৪০ হাজাৰ ড্ৰাইভিং লাইচেঞ্চ । বাতিল হোৱাৰ পথত বহিঃ ৰাজ্যৰ ৪০ হাজাৰ ড্ৰাইভিং লাইচেঞ্চ। কিয়নো ১৯৮৯ চনত হাইলাকান্দি পৃথক জিল‍া হোৱাৰ পিছৰ পৰা বৰ্তমানলৈকে জিলাখনত মাত্ৰ ৫ হাজাৰ ড্ৰাইভিং লাইচেঞ্চ প্ৰদান কৰা হৈছে। কিন্তু বৰ্তমানে জিলা খনত আছে প্ৰায় ৪৫ হাজাৰ ড্ৰাইভিং লাইচেঞ্চ । এই ৪০ হাজাৰ লাইচেঞ্চ প্ৰদান কৰা হৈছে মনিপুৰ,মিজোৰাম আৰু নাগালেণ্ড ৰাজ্যৰ পৰা । বিগত ৩০ বছৰত বহিঃৰাজ্যৰ পৰা ইছ্যু হোৱা এই ৪০ হাজাৰ লাইচেঞ্চৰ জৰিয়তে হাইলাকান্দিত চলিছে অবাধ বেহা। বৰ্তমানে এই সমূহ লাইচেঞ্চক স্মাৰ্ট কাৰ্ডলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত পোহৰলৈ আহে এই ভয়ংকৰ তথ্য। যাৰ পিছতেই জিলা পৰিবহন বিষয়া এচ আৰ মান্নানে এই প্ৰক্ৰিয়া বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰি আৰম্ভ কৰিছে তদন্ত ।

হাইলাকান্দিত বাতিল হোৱাৰ পথত ৪০,০০০ ড্ৰাইভিং লাইচেঞ্চ
Last Updated : Jun 29, 2019, 12:28 PM IST

ABOUT THE AUTHOR

...view details