হাইলাকান্দি, 1 আগষ্ট :কৰ'ণা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ যোৱাৰ পথত অঘটন ঘটিল 108 এম্বুলেন্সত । পিপিই কিট পিন্ধি থকা অৱস্থাত এম্বুলেন্সৰ চালক ছৰিফ উদ্দিন মাঝাৰ ভূঞা সংজ্ঞাহীন হোৱাৰ বাবে এই বিপত্তি ঘটে । হাইলাকান্দি এক নং 108 এম্বুলেন্সখন হাইলাকান্দি চহৰৰ পৰা এজন কৰ'ণা ৰোগীক লৈ মণিপুৰ মডেল হাইস্কুলৰ অস্থায়ী কৰ'ণা হাস্পতাললৈ ৰাওনা হৈছিল । কিন্তু কৰ'ণা ৰোগীজনে পলম কৰাৰ বাবে তিনি ঘন্টামান সময় ধৰি পিপিই কিট পিন্ধি থাকিবলগীয়া হয় এম্বুলেন্সৰ চালকজন ।
ৰোগী আনিবলৈ যোৱাৰ সময়তে ঢলি পৰিল 108 সেৱাৰ গাড়ীচালক
কৰ'ণা ৰোগী আনিবলৈ যোৱা এগৰাকী 108 মৃত্য়ুঞ্জয় সেৱাৰ গাড়ীচালক হঠাত অসুস্থ হৈ পৰে ৷ হাইলাকান্দি জিলাত সংঘটিত হয় এই ঘটনা ৷
যাৰ বাবে মণিপুৰত যোৱাৰ সময়ত বাউয়াৰঘাটত চালক ছৰিফ উদ্দিন মাঝাৰ ভূঞা হঠাত অসুস্থ হৈ পৰে । পিপিই কিট পিন্ধি থকা এম্বুলেন্সৰ আনকর্মীয়ে অসুস্থ চালকজনক ৰাস্তাৰ দাতিত চেলাইন লগাই প্রাথমিক চিকিৎসা প্ৰদান কৰে ৷ ইয়াৰ পিছত তেওঁক হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালত ভর্তি কৰোৱা হয় । পৰৱৰ্তী সময়ত আন এখন এম্বুলেন্স আনি এই কৰ'ণা ৰোগীজনক লৈ যোৱা হয় মডেল হাইস্কুলত থকা অস্থায়ী কৰ'ণা হাস্পতালত । এনে এজন কৰ'ণা যোদ্ধা এইদৰে সংজ্ঞাহীন হৈ পৰা ঘটনাক লৈ সমগ্র হাইলাকান্দি জিলাত জোকাৰণিৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : পৱিত্ৰ ঈদৰ দিনাই লাফিকুল হত্যাৰ ন্যায় বিচাৰি ABMSUৰ প্ৰতিবাদ