অসম

assam

By

Published : May 3, 2019, 5:54 PM IST

ETV Bharat / state

অসমৰ শান্তিৰ বাবে এইবাৰ পাৰ চৰাই উৰুৱালে জুবিন গাৰ্গে

বৃহস্পতিবাৰে গোলাঘাটৰ এক সংগীতানুষ্ঠানত অসমৰ শান্তি কামনা কৰি পাৰ চৰাই উৰুৱালে অসমৰ জনতাৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে ।

অসমৰ শান্তিৰ বাবে এইবাৰ পাৰ চৰাই উৰুৱালে জুবিন গাৰ্গে

গোলাঘাট,৩ মে': বৃহস্পতিবাৰে গোলাঘাটত অনুষ্ঠিত হয় জুবিনৰ সংগীতানুষ্ঠান । এই অনুষ্ঠানতে অসমৰ শান্তিৰ বাবে পাৰ চৰাই উৰুৱাই জুবিন গাৰ্গে । অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মঞ্চত জুবিন গাৰ্গে কাঞ্চনজংঘাৰ গীত পৰিৱেশন কৰাৰ লগতে কাঞ্চনজংঘা চলচ্চিত্ৰৰ প্ৰচাৰো কৰে গৰিমা গাৰ্গে । অনুষ্ঠানৰ মাজতে পত্নী গৰিমাৰ সৈতে ৰসাল কথা পাতে আৰু কয় যে, জুবিন আৰু গৰিমায়ে পৃথকে পৃথকে গাড়ীত আহে । কাৰণ জুবিনে য'তে ত'তে ৰয়, য'ত মন যায় ততে খায় যাৰবাবে গৰিমাৰ অসুবিধা হয়, সেইবাবেই একেখন গাড়ীত নাহে দুয়ো । গানৰ লগতে এইদৰে ৰসাল বাৰ্তালাপে আহ্লাদিত কৰে উপস্থিত অনুৰাগীক।

অসমৰ শান্তিৰ বাবে এইবাৰ পাৰ চৰাই উৰুৱালে জুবিন গাৰ্গে

উল্লেখ্য যে, গোলাঘাটৰ এই অনুষ্ঠানতে অসমৰ বিশিষ্ট বিহু গায়ক শিল্পী বিপুল চেতিয়া ফুকনলৈ আগবঢ়োৱা হয় ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা ।অনুষ্ঠানত উপস্থিত থাকে ড০ পৰমানন্দ ৰাজবংশী, লুৰীণজ্যোতি গগৈ, মন্ত্ৰী অতুল বৰা, অভিনেত্ৰী মৃদুলা বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ।

ABOUT THE AUTHOR

...view details