ধেমাজি, 9 ডিচেম্বৰ: উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি ঢাপলি মেলিছে কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ। ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে । কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, নিৰুদ্দেশ হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
চৰকাৰেও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ ফলত বহিঃৰাজ্যলৈ ঢাপলি মেলা এইসকল অসমীয়া লোক সঘনে বিপদৰ সন্মুখীন হৈ অহাৰ উপৰিও বহুতো লোকৰ মৃত্যু ঘটিছে । সংবাদ মাধ্যমত দৈনিক বহিঃৰাজ্যত অসমৰ লোক নিৰুদ্দেশ হোৱাৰ ঘটনা প্ৰকাশ পাবলৈ ধৰিছে । শেহতীয়াভাৱে তেনে এক ঘটনা সংঘটিত হৈছে চিলাপথাৰ মাজগাঁৱৰ মহেন্দ্ৰ বৰা নামৰ লোকজনৰ ক্ষেত্ৰত ।
কৰ্মসংস্থাপনৰ সন্ধানত বিগত 30 নৱেম্বৰতেই কেৰেলালৈ বুলি ওলাই যোৱা মহেন্দ্ৰ বৰ্তমান নিখোঁজ অৱস্থাত আছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি 30 নৱেম্বৰত ডিব্ৰুগড়ৰ পৰা বিবেক এক্সপ্ৰেছেৰে কেৰেলালৈ বুলি ৰাওনা হৈছিল মহেন্দ্ৰ । 2 ডিচেম্বৰৰ সন্ধিয়া 6.30 বজালৈকে পৰিয়ালৰ লগত ফোনযোগে যোগাযোগত আছিল লোকজন । কিন্তু তাৰ পিছৰ পৰা কোনো শুংসূত্ৰ নাই মহেন্দ্ৰৰ ।