দেৰগাঁও, ২৯ মে': কৰ'ণা অতিমাৰীৰ দ্বিতীয় লহৰত দেশৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁৱতো দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা । এই সংক্ৰমণৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি যি সমূহ বাধা নিষেধ বলৱৎ কৰিছে সেই নিয়মসমূহে সমাজৰ দৰিদ্ৰ খাটিখোৱা শ্ৰেণীক যথেষ্ট সমস্যাত পেলোৱা পৰিলক্ষিত হৈছে ।
বিশেষকৈ দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়াললৈ এসাজ খাই আন সাজৰ বাবে থমকি ৰ'ব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে । এনে সময়তে দেৰগাঁৱৰ উদীয়মান যুৱ ব্যৱসায়ী মিঠুন ঘোষে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ।