দেৰগাঁৱত ড্ৰাগছ আসক্ত যুৱক কাৰায়ত্ত - ইজাজুল হুছেইন দেৰগাঁও
বৃহস্পতিবাৰে গোলাঘাট জিলাৰ দেৰগাঁও একাদশ অসম আৰক্ষী বাহিনী গেটৰ সন্মুখত এজন যুৱকে ইনজেকশ্বনৰ জৰিয়তে শৰীৰত ড্ৰাগছ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে হাতে লোটে কৰায়ত্ত কৰি গতাই দিয়ে দেৰগাঁও আৰক্ষীক ৷
![দেৰগাঁৱত ড্ৰাগছ আসক্ত যুৱক কাৰায়ত্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4144671-thumbnail-3x2-bcdnsdnas---copy.jpg)
দেৰগাঁও, 15 আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰয়োভৰ ৷ বৃহস্পতিবাৰে গোলাঘাট জিলাৰ দেৰগাঁও একাদশ অসম আৰক্ষী বাহিনী গেটৰ সন্মুখত এজন যুৱকে ইনজেকশ্বনৰ জৰিয়তে শৰীৰত ড্ৰাগছ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে হাতে-লোটে কৰায়ত্ত কৰি দেৰগাঁও আৰক্ষীক গটাই দিয়ে ৷ আটকাধীন যুৱক জন দেৰগাঁৱৰ লাহটিৰ ইজাজুল হুছেইন আৰু যুৱক জনৰ স্বীকাৰোক্তি মতে ড্ৰাগছ খিনি যোৰহাটৰ মাছৰহাটৰ পৰা সংগ্ৰহ কৰিছিল বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, যোৱা মাত্ৰ কেইটামান মাহৰ পূৰ্বে দেৰগাঁৱত ড্ৰাগছৰ কবলত পৰি এজন কলেজীয়া ছাত্ৰৰ মৃত্যু হৈছিল ৷ তাৰ পাছতো বৰ্তমানেও যোৰহাট, গোলাঘাট দেৰগাঁও আদি অঞ্চলত ড্ৰাগছৰ মুকলি বেহা অব্যাহত থকাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷