গোলাঘাট,7 জুলাই : ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই তাহানিতে কৈ যোৱা মানুহে মানুহৰ বাবে যদিহে নাভাবে গীতটি যেন আজি সাৰোগত কৰি দেখুৱাইছে গোলাঘাটৰ এগৰাকী মানৱ দৰদী ব্যৱসায়ীয়ে ৷ মহামাৰী ক’ভিড-19 এই সময়ছোৱাটো প্ৰদীপ গোৰোডিয়া নামৰ গোলাঘাটৰ এগৰাকী ব্যৱসায়ী আগবাঢ়ি আহিছে মানুহক সহায় কৰিবলৈ ৷ যি সকলে ক’ভিড ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে তেওঁলোকলৈ বিশেষ ৰেহাই মূল্যত সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা হাতত লৈছে ব্যৱসায়ীজনে ৷
উল্লেখযোগ্য যে, গোলাঘাটৰ প্ৰগতি উদ্যোগচ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখনে ক’ভিডৰ দুয়োপালি প্ৰতিষেধক লোৱা গ্ৰাহকক প্ৰতিলিটাৰ মিঠাতেলত ৫ টকা আৰু অন্যান্য সা-সামগ্ৰী ক্ৰয় কৰিলে 5 শতাংশ ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে স্বাস্থ্যসন্মত কৃষিজাত সামগ্ৰীৰ ৰেহাই মূল্যত গ্ৰাহকৰ বাবে যোগান ধৰি সম্প্ৰতি সমগ্ৰ গোলাঘাটতে চৰ্চা লাভ কৰিছে ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী প্ৰদীপ গাৰোডিয়াই ।