গোলাঘাট,21 জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day) ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সপ্তমবাৰৰ বাবে পালন কৰা হৈছে যোগ দিৱস ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে 21 জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) হিচাপে ঘোষণা কৰাৰ পাচতে 2015 চনৰ 21 জুন তাৰিখৰ পৰা যোগ দিৱস পালন কৰি আহিছে ৷ আন আন ঠাইৰ দৰে গোলাঘাটতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা দেখা গ'ল ৷ ক'ভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া নিৰ্দেশনা মানি গোলাঘাটতো জিলা প্ৰশাসনৰ উদ্যোগত এই যোগ দিৱস পালন কৰা হয় ৷
গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত গোলাঘাট জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তকে আদি কৰি জিলা প্ৰশাসনৰ বিষয়ববীয়া তথা CRPF সৈনিক-বিষয়াৰ উপস্থিতিত পুৱা 7:30 বজাৰ পৰা সু-স্বাস্থ্যৰ হেতুকে যোগাভ্যাস শীৰ্ষক যোগ দিৱস পালন কৰে ৷ উল্লেখ্য যে, যোগ হৈছে প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া ৷ ই মানুহক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলাৰ লগতে নিৰোগী কৰি ৰথাত সহায় কৰে ৷ ব্যৱহাৰিক জীৱনত যোগৰ উপকাৰিতা কোনোৱে নুই কৰিব নোৱাৰে ৷