গোলাঘাট,22 অক্টোবৰঃসামৰিক মৰ্যদাৰে শেষকৃত্য সম্পূৰ্ণ কৰা হ'ল শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ ৷ মঙলবাৰে পদম বাহাদুৰ শ্ৰেষ্ঠৰ নশ্বৰ দেহ ডিমাপুৰৰ পৰা আহি ধনশিৰি মহকুমাত প্ৰৱেশ কৰাৰ লগে লগে সহস্ৰজনে শাৰী পাতি পুষ্প বৃষ্টিৰে শ্বহীদগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ শেষকৃত্য অনুষ্ঠানত সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াসহ ৰাজ্য চৰকাৰৰ হৈ কৃষি মন্ত্ৰী অতুল বৰা,খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাটৰ উপায়ুক্ত উপস্থিত থাকি শ্বহীদজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
সামৰিক মৰ্যদাৰে শেষ বিদায় বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠক
সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পূৰ্ণ কৰা হ'ল শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠ ৷ শেষকৃত্য অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা ৷
উল্লেখ্য যে,দেওবাৰে ভাৰত-পাকিস্তানৰ লাইন অফ কন্ট্ৰলৰ টাংধাৰ ক্ষেত্ৰত হোৱা গুলিয়াগুলিত শ্বহীদ হৈছিল পদম বাহাদুৰ শ্ৰেষ্ঠ ৷ বীৰ জোৱান জন ভাৰতীয় সেনাৰ গোৰ্খা ৰাইফলছৰ সৈনিক আছিল ৷
পাকিস্তানী সেনাই মুখ্যতঃ অসামৰিক লোকক উদ্দেশ্যে কৰি চলোৱা আক্ৰমণত এগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে তিনিগৰাকী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় ৷ প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তান অধিকৃত কাশ্মীৰৰ কেইবাটাও সন্ত্ৰাসবাদৰ ঘাটি উচ্ছেদ কৰে ৷ লগতে প্ৰায় 6ৰ পৰা 10 জন পাকিস্তানী সৈনিক নিহত হয় ভাৰতীয় সেনাৰ আক্ৰমণত ৷