অসম

assam

বগীধলাত মৃত্যুৰ বিভীষিকাঃ নিৰ্বিকাৰ চাহ জনগোষ্ঠীয় প্ৰতিনিধি

তীব্ৰ আৰ্থিক অনাটনৰ মাজত বগীধলা চাহ বাগিচাৰ শ্ৰমিক ৷ বিনা চিকিৎসাই মৃত্যুক সাৱটিছে ইজনৰ পাচত সিজন শ্ৰমিকে ৷ নিৰ্বিকাৰ প্ৰশাসন, নিৰ্বিকাৰ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দল সংগঠন ৷

By

Published : Jun 16, 2019, 5:55 PM IST

Published : Jun 16, 2019, 5:55 PM IST

ETV Bharat / state

বগীধলাত মৃত্যুৰ বিভীষিকাঃ নিৰ্বিকাৰ চাহ জনগোষ্ঠীয় প্ৰতিনিধি

গোলাঘাট বগীধলা চাহ বাগিচাত মৃত্যুৰ বিভীষিকা

গোলাঘাট, 16 জুন : গোলাঘাট বগীধলা চাহ বাগিচাত এতিয়া মৃত্যুৰ বিভীষিকা ৷ বিগত দুটা বছৰ ধৰি বন্ধ হৈ থকা চাহ বাগিচাখনত আৰ্থিক অনাটনৰ বাবে এতিয়া বিনা চিকিৎসাই মৃত্যুক সাৱটিছে ইজনৰ পাচত সিজন শ্ৰমিকে ৷ যদিও এইক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা প্ৰশাসন, চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দল সংগঠনৰ ৷

দু-বছৰ পূৰ্বে বাগিচাখনৰ মালিক সুধিৰ আৰু সমীৰ ৰয়ে শ্ৰমিকৰ প্ৰাপ্য বিচাৰি যাঁওতে নিৰ্বিচাৰ গুলীচালনা কৰাৰ পাচৰ পৰাই বন্ধ হৈ পৰি আছে বাগিচাখন । পাচৰ পৰ্যায়ত বাৰম্বাৰ শ্ৰমিক সকলে চাহ জনজাতীয় নেতা পল্লৱ লোচন দাস, ৰামেশ্বৰ তেলীকে ধৰি বহু নেতাক বাগিচাখন পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ অনুৰোধ জনাই আহছে । যদিও নিৰ্বাচনৰ পাচত সকলোৱে তেওঁলোকৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ শ্ৰমিকসকলৰ ।

গোলাঘাট বগীধলা চাহ বাগিচাত মৃত্যুৰ বিভীষিকা

যাৰ ফলত বৰ্তমান বাগিচাখনৰ শ্ৰমিক সকলৰ মাজত দেখা দিছে আৰ্থিক অনাটনে । এসাঁজ খাই এসাঁজ নোখোৱাকৈ দিন কটাবলগীয়া হৈছে বাগিচাখনৰ শ শ শ্ৰমিকে । বিগত দুটা বছৰত বাগিচাখনৰ শতাধিক শ্ৰমিক ৰোগত আক্ৰান্ত হৈ বিনা চিকিৎসাই আঁকোৱালি ল'ব লগা হৈছে মৃত্যুক ৷ দেওবাৰেও পুটকী মালি নামৰ এগৰাকী ৪৫ বছৰীয়া মহিলা শ্ৰমিকে চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱা ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে বাগিচাখনত ।

কিন্তু চাহ শ্ৰমিকৰ এই দুখ দুৰ্দশা ৰ কথা শুনিবলৈ কেতিয়া আহৰি হ'ব চৰকাৰৰ ৷ সেইয়াহে লক্ষ্যণীয় হ'ব ৷

ABOUT THE AUTHOR

...view details